ডিজিটেল ডেস্ক : মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত ৩২সংখ্যক আছিয়ান আঞ্চলিক ফ'ৰাম (ARF)ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ভাৰতক প্রতিনিধিত্ব কৰি শনিবাৰে অংশগ্রহণ কৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই। বৈঠকত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে বৃহত্তৰ ইণ্ডো-পেচিফিক অঞ্চলৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী সম্পর্কে অৱগত কৰে। তদুপৰি এই বৈঠকতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূ-ৰাজনৈতিক পৰিৱেশৰ মাজত আঞ্চলিক আৰু বৈশ্বিক প্রত্যাহ্বানবোৰ সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীৰ বিষয়েও কয়। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্যসহনশীলতাৰ নীতি আৰু ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ বাবে আত্মৰক্ষাৰ অধিকাৰৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰি সমগ্র বিশ্বলৈ এক শক্তিশালী বার্তা প্রদান কৰে।
মন্ত্ৰীগৰাকীয়ে ভাষণত শেহতীয়াকৈ পহলগামত সংঘটিত আক্ৰমণৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু পাকিস্তানে আহ্বান কৰা তথাকথিত 'নিৰপেক্ষ অনুসন্ধান'ৰ দাবীক কঠোৰভাৱে সমালোচনা কৰে।
উল্লেখযোগ্য যে এই বৈঠকত আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ইউৰোপিয়ান ইউনিয়ন, আমেৰিকা, ৰাছিয়া, চীন, অস্ট্রেলিয়া, জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদিকে ধৰি মুঠ ২৭খন দেশৰ বিদেশ মন্ত্ৰীসকল উপস্থিত আছিল।