আৰ এছ এছৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সেন্দুৰ'ৰ চিহ্ন

dainik janambhumi September 09, 2025

ডিজিটেল ডেস্ক : কেৰালাৰ কোল্লাম জিলাত 'ওনাম' উৎসৱৰ সময়ত এটা মন্দিৰত এখন পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সেন্দূৰ'ৰ বিষয়ে লিখাৰ অভিযোগত ২৭জন আৰ এছ এছৰ কৰ্মীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। পাৰ্থাসাৰথি মন্দিৰৰ বাহিৰত 'অপাৰেশ্যন সেন্দূৰ' শীর্ষক নাম অংকিত আৰু আৰ এছ এছৰ পতাকাৰ সৈতে কার্পেটখন প্রস্তুত কৰা হৈছিল। মন্দিৰ কৰ্তৃপক্ষই এই সন্দর্ভত কয় যে এই ঘটনা হৈছে কেৰালা উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ উলংঘন। 

মন্দিৰ সমিতিৰ সদস্য মোহাননে সংবাদ মাধ্যমৰ আগত কয় যে পূৰ্বতেও উৎসৱৰ সময়ত পতাকা-কার্পেট আদি পৰাক লৈ প্রায়ে বিতর্ক হৈছিল আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ উচ্চ ন্যায়ালয়ত মন্দিৰ কৰ্তৃপক্ষই গোচৰ তৰাত ন্যায়ালয়ে ২০২৩ চনত মন্দিৰ প্ৰাংগণত পতাকাকে ধৰি কোনো আলংকৰিক কার্য নিষিদ্ধ কৰিছিল। তেওঁ লগতে কয় যে ন্যায়ালয়ৰ আদেশৰ পাছতো মন্দিৰ সমিতিৰ পুষ্পসজ্জাৰ কাষতেই আৰ এছ এছৰ পতাকাৰ সৈতে 'অপাৰেশ্যন সেন্দুৰ' বিষয়ক পুষ্পসজ্জিত কার্পেট পৰা হৈছিল। তেওঁ লগতে কয় যে 'অপাৰেশ্যন সেন্দূৰলৈ মন্দিৰ কৰ্তৃপক্ষৰ পূৰ্ণ সমর্থন আছে। 

ইফালে কেৰালা ৰাজ্যিক বিজেপিয়ে আৰ এছ এছৰ কৰ্মীৰ বিৰুদ্ধে গোচৰ দিয়াটোত কোনোপধ্যেই মানি ল'ব নোৱাৰি বুলি প্রকাশ কৰে। কেৰালা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্রশেখৰে এই সন্দর্ভত কয় যে অপাৰেশ্যন সেন্দূৰ হৈছে দেশৰ গৌৰৱ। কেৰালা আৰক্ষীৰ এজাহাৰখনে পহলগাম- কাণ্ডত প্ৰাণ হেৰুওৱা ২৬জন নিৰীহ লোক আৰু ভাৰতীয় সেনাৰ জোৱানক অপমান কৰা বুলি বিজেপি নেতাজনে প্রকাশ কৰে।

Share This