ডিজিটেল ডেস্কঃ ইজৰাইলী সেনাৰ আক্ৰমণত দেওবাৰে গাজাত কমেও ২৯গৰাকী পেলেষ্টাইনীৰ মৃত্যু হয়। গাজাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই জনোৱা অনুসৰি, চেন্ট্রেল গাজাত এই আক্ৰমণত ২০গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়।
দেশখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র মহমোদ বাচালে কয় যে দক্ষিণ গাজাত ইজৰাইলৰ ড্ৰ'ন আক্ৰমণত এগৰাকী পেলেষ্টাইনী মহিলাৰ মৃত্যু হোৱাৰ লগতে ৪জন আহত হয়। আন দুটা পৃথক আক্রমণত ৪জন লোকৰ মৃত্যু হয়।
উত্তৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৮জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৰাফা চহৰত ৫জন লোকৰ মৃত্যু হয়।