মহাৰাষ্ট্ৰত বানত উটিল ৩০০০ চিলিণ্ডাৰ, প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য

dainik janambhumi July 10, 2026

ডিজিটেল ডেস্ক : দিল্লী, মহাৰাষ্ট্ৰকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত বৰষুণ আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বহু স্থানত পথ আৰু ৰে'ল যোগাযোগ ব্যাহত হোৱাৰো তথ্য পোৱা গৈছে। ইফালে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ কেইবাটাও অঞ্চলত অহা কেইদিনমানত অধিক প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। দিল্লী-এন চি আৰ, মহাৰাষ্ট্ৰ, গুজৰাট, হিমাচল প্রদেশ, উত্তৰাখণ্ড, গোৱা, কেৰালা, জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণে জনজীৱন ব্যাহত কৰিছে। এই অঞ্চলসমূহত বানৰ সম্ভাৱনা প্রকাশ কৰি সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দিল্লীৰ ৰোহিণীত এটা নির্মিয়মাণ চাৰিমহলীয়া ভৱন খহি পৰাৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। 

বৰষুণৰ ফলতে ভৱনটো ভাগি পৰা বুলি বিভিন্ন সূত্রই প্রকাশ কৰিছে যদিও প্রশাসনে বিষয়টো স্পষ্ট কৰা নাই। ইফালে, মহাৰাষ্ট্ৰৰ পুনেৰ পিম্প্ৰী চিঞ্চৱাডত বৰষুণৰ ফলত পানী জমা হৈ এটা আৱৰ্জনাৰ দ'ম খহি পৰাৰ ফলত ১১জন লোক আবদ্ধ হৈ আছে। যোৱা কেইদিনমানৰ ভিতৰত গুজৰাটৰ ছুৰাটত বৰষুণ সম্পৰ্কীয় ঘটনাত ৯জন লোকৰ মৃত্যু হৈছে। ছুৰাটৰ জিলা প্রশাসনে বানপ্ররণ দ অঞ্চলত বাস কৰা সহস্রাধিক লোকক ওখ অঞ্চললৈ প্ৰেৰণ কৰিছে। ইফালে, কেৰালাত এটা সুৰংগ নিৰ্মাণ প্ৰকল্পত বৰষুণৰ ফলত ভূমিস্খলনত ৫জন লোক সন্ধানহীন হৈ আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভি ডি সতীশনে অঞ্চলটো পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। 

গুজৰাট আৰু মহাৰাষ্ট্ৰত বানৰ ফলত দীর্ঘদূৰত্বৰ বহুকেইখন ৰে'লৰ চলাচল বাতিল কৰা হৈছে। নাছিকত গোদাবৰী নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে। আনহাতে, মহাৰাষ্ট্ৰত বানত শ শ গেছ চিলিণ্ডাৰ উটি অহা ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। হিন্দুস্তান পেট্রলিয়াম কলেশন লিমিটেড ফলত প্রায় ৩,০০০টা ৰন্ধন গেছৰ চিলিণ্ডাৰ পানীত উটি যোৱা বুলি প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বানবিধ্বস্ত ৰাজ্যকেই খনৰ মুখ্যমন্ত্ৰীৰ সৈতে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে আলোচনাত ভাগ লয় আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু থাকিবলৈ আহ্বান জনায়।

Share This