ডিজিটেল ডেস্ক : প্রবল গ্রীষ্ম প্রৱাহে ভাৰতৰ অধিকাংশ অঞ্চলতে জনজীৱনত প্রভাৱ পেলাইছে। ইয়াৰ মাজতে এখন শেহতীয়া প্রতিবেদনত এটা উদ্বেগজনক তথ্য প্রকাশ পাইছে। দেশত এদিনৰ উৎকট গৰমৰ বাবে অতিৰিক্তকৈ ৩৪০০ লোকৰ মৃত্যু হৈছে। আনহাতে, যোৱা ৫টা দিনত হোৱা গৰম সম্বন্ধীয় ঘটনাৰ বাবে প্রায় ৩০ হাজাৰ লোকৰ অতিৰিক্ত মৃত্যু হৈছে। আমেৰিকাৰ কেলিফর্নিয়াৰ বাৰ্কেলেই বিশ্ববিদ্যালয়ৰ ভাৰত বিষয়ক শক্তি আৰু জলবায়ু কেন্দ্ৰৰ গৱেষক পীযূষ নাৰংগ আৰু অশোক গেডগিলে চলোৱা অধ্যয়নত এই তথ্য প্রকাশ পাইছে। গোলকীয় অধ্যয়নটোত প্রকাশ পাইছে যে উষ্ণতা বৃদ্ধি সম্বন্ধীয় ঘটনাত ভাৰতৰ জিলাসমূহত মৃত্যুৰ হাৰ বৃদ্ধি হৈছে।
সমগ্র ভাৰতৰ ১০খন মহানগৰত গৰম সমন্ধীয় মৃত্যুৰ তথ্য বিশ্লেষণ কৰিছিল এই গৱেষক দলটোৱে। 'অতিৰিক্ত মৃত্যু' হৈছে এটা জনস্বাস্থ্য সম্বন্ধীয় পৰিমাপ পদ্ধতি, য'ত এটা নির্দিষ্ট সময়ত মুঠ মৃত্যুৰ মাজৰ পৰা বিশেষ কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা বিচাৰি উলিওৱা হয়। 'ফ্রণ্টায়ার্ড' ইন এনভাইৰনমেন্টেল হেল্থ' জার্নেলত প্রকাশ হোৱা এই অধ্যয়নত জিলা স্তৰত মৃত্যুৰ হাৰ বিশ্লেষণ কৰা হৈছে। এই অধ্যয়নত দেশৰ বিভিন্ন জিলাত উৎকট গৰমৰ বাবে এদিনত আৰু পাঁচ দিনত অতিৰিক্তকৈ মৃত্যু হোৱা লোকৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে। উল্লেখযোগ্য যে উত্তৰ, মধ্য আৰু পূব ভাৰতত গ্রীষ্ম প্ৰৱাহে গুৰুতৰ ৰূপ লৈছে। মধ্যপ্রদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ অধিকাংশ অঞ্চলত তাপমাত্রাই ভয়াৱহ ৰূপ লৈছে আৰু কিছু কিছু অঞ্চলত উষ্ণতাই ৪৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে।
যোৱা পাঁচ দিনত প্রবল গ্রীষ্ম প্ৰৱাহত উত্তৰ প্ৰদেশত সর্বাধিক 'অতিৰিক্ত মৃত্যু' হৈছে। আহমেদবাদ, জয়পুৰ, ছুৰাটত এদিনেতে ২৫০ লোকৰ 'অতিৰিক্ত মৃত্যু' হৈছে। উৎকট গৰম সম্বন্ধীয় ঘটনাত যোৱা পাঁচ দিনত উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্রদেশ, বাজস্থান আৰু গুজৰাটত দেশত হোৱা মুঠ মৃত্যুৰ অতিৰিক্তকৈ ৬৬ শতাংশ লোকৰ মৃত্যু হৈছে। গৱেষকসকলে চলোৱা অধ্যয়নত প্রকাশ পাইছে যে দেশৰ ১০০খন মহানগৰত পাঁচ দিনৰ গ্ৰীষ্ম প্ৰৱাহৰ ঘটনাত ৪৪ শতাংশ লোকৰ অতিৰিক্তকৈ মৃত্যু হৈছে।