এছ বি আইৰ দাবী, ৩৫ লাখ বৈদ্যুতিক বাহনে স্থান ল'ব পেট্রলচালিত গাড়ীৰ

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : ২০২৭-২০৩০ চনৰ ভিতৰত ভাৰতত আৰু প্রায় ৩৫ লাখ বৈদ্যুতিক বাহনে (ই ভি) পেট্রল চালিত গাড়ীৰ স্থান ল'ব। ইয়াৰ ফলত ভাৰতৰ বছৰি ৰাহি হ'ব প্রায় ১ লাখ কোটি টকা মূল্যৰ খাৰুৱা তেলৰ আমদানিৰ ধন। 

ভাৰতীয় ষ্টেট বেংকৰ এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে। প্রতিবেদনখনত কোৱা হৈছে যে ফেব্ৰুৱাৰীত মধ্য প্রাচ্যত যুদ্ধ আৰম্ভ হোৱাৰ পাছতে উল্লেখনীয়ভাৱে বৈদ্যুতিক বাহন ক্রয় বৃদ্ধি পাইছে, পঞ্জীয়ন বৃদ্ধি পাইছে। প্রতিবেদনখনত কোৱা হৈছে, 'আমাৰ প্ৰাক্‌কলনে দেখুৱাইছে যে ২০২৭-২০৩০- এই চাৰি বছৰত আৰু ৩৫ লাখ বৈদ্যুতিক বাহনে পেট্রলচালিত গাড়ীৰ ঠাই ল'ব। 

২০২৬ চনত বৈদ্যুতিক বাহন হৈছে আন সকলো বাহনৰ ৮ শতাংশতকৈ বেছি। ২০৩০ চনৰ ভিতৰত যেতিয়া এই অংশ ২০ শতাংশ হ'বগৈ তেতিয়া ভাৰতে আমদানিৰ খৰচৰ ১ লাখ কোটি টকা ৰাহি কৰিব পাৰিব। প্রতিবেদনখনৰ মতে, ২০২৫ চনত প্রতিমাহে গড়ে ১.৩ লাখ বৈদ্যুতিক বাহনৰ পঞ্জীয়ন হৈছিল। কিন্তু ২০২৬ চনৰ মাৰ্চ-জুনত এই সংখ্যা প্রায় ১ লাখ বৃদ্ধি পাই গড়ে প্রতিমাহে ২.৩ লাখ হয়। 

ষ্টেট বেংকে কয় যে ফেব্ৰুৱাৰীৰ পাছৰ বৈদ্যুতিক বাহনৰ যাত্রীবাহী কাৰ, দুচকীয়া আৰু তিনিচকীয়া বাহনৰ বৰ্ধিত বজাৰৰ অংশই ইংগিত দিয়ে যে মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱে বৈদ্যুতিক বাহনৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ বৃদ্ধি কৰিছে। অধিক লোক বৈদ্যুতিক বাহনৰ প্ৰতি আকৰ্ষিত হোৱাত সহায় কৰিবলৈ চাৰ্জিঙৰ আন্তঃগাঁথনি বৃদ্ধি, বিশেষকৈ দ্রুত চাৰ্জাৰ আন্তঃগাঁথনি বৃদ্ধিৰ কথা প্রতিবেদনখনত কোৱা হৈছে। বৰ্তমান দেশৰ চাৰ্জিং নেটৱৰ্কত দ্রুত চাৰ্জিঙৰ অংশ হৈছে মাত্র ৩০ শতাংশ। প্রতিবেদনখনত, যান-বাহন খণ্ড, চার্জিং আন্তঃগাঁথনি, নিয়ামক নীতি আৰু বেটেৰি নিৰ্মাণক সামৰি স্পষ্ট লক্ষ্যৰে ১০-১৫ বছৰীয়া সর্বাংগীণ ভৱিষ্যৎ পৰিকল্পনাৰ বাবে আহ্বান জনায়।

Share This