ডিজিটেল ডেস্ক : সোমবাৰে পুৱা ৮ বজাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা তথ্য মতে দেশত কভিডৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ৩,৯৬১ জনলৈ বৃদ্ধি পাইছে। ইফালে দেওবাৰে ৪ জনৰ মৃত্যু হোৱাৰ পাছত এই বছৰৰ জানুৱাৰী মাহৰ পৰা ভাৰতত কভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩২ জন হ'ল।
এই মৃত্যু হোৱা লোককেইজন হৈছে দিল্লী, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ। চৰকাৰী তথ্য মতে দেওবাৰৰ পৰা সোমবাৰৰ পুৱালৈকে নতুনকৈ ২০৩ জনৰ কৰ'নাৰ সংক্ৰমণ হৈছে। ইয়াৰ ভিতৰত দিল্লীৰ সৰ্বাধিক ৪৭ জন আছে। আনহাতে দিল্লীত মুঠ কভিড ৰোগীৰ সংখ্যা হৈছে ৪৮৩ জন।
পশ্চিম বংগত নতুনকৈ ৪৪ জনৰ সৈতে মুঠ কভিড ৰোগীৰ সংখ্যা ৩৩১জন হৈছে। দেওবাৰৰ নতুনকৈ সংক্রমিত ৩৫ জনৰ সৈতে কেৰালাৰ মুঠ কভিড ৰোগী হৈছে ১,৪৩৫জন। তেনেদৰে নতুনকৈ সংক্রমিত ২১ জনেৰে মহাৰাষ্ট্ৰত কৰ'নাৰ মুঠ ৰোগী হ'ল ৫০৬জন।