ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰাপত্তাৰ প্রতি গুৰুতৰ ভাবুকি সৃষ্টি কৰি চুবুৰীয়া তিনিখন দেশ-পাকিস্তান, চীন আৰু বাংলাদেশৰ সম্পৰ্ক ক্রমান্বয়ে অধিক নিবিড় হৈ অহা পৰিলক্ষিত হৈছে। চীনে বৃহস্পতিবাৰে ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তান আৰু বাংলাদেশৰ বিদেশ সচিবৰ সৈতে ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰে।
এই ঐতিহাসিক ঘটনাই ভাৰতৰ ৰাজনৈতিক আৰু কূটনৈতিক দিশলৈ অনাকাংক্ষিত সংকট কঢ়িয়াই অনাৰ আশংকা আছে। ভাৰত আৰু বাংলাদেশৰ মাজত সম্পর্ক শেহতীয়াভাৱে অৱনতি ঘটাৰ পাছতেই তিনিওখন চুবুৰীয়া দেশৰ এই কূটনৈতিক বৈঠকে ভাৰতলৈ অশনি সংকেত কঢ়িয়াই আনিছে। চীনৰ কুনমিং চহৰত ১৯ জুনত পাকিস্তান, চীন আৰু বাংলাদেশৰ মাজত প্ৰথমখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। চীনৰ উপ-বিদেশ মন্ত্রী চুন ৱেইডং, বালাংদেশৰ ভাৰপ্ৰাপ্ত বিদেশ সচিব ৰুহুল আলম ছিদ্দিকী আৰু পাকিস্তানৰ অতিৰিক্ত বিদেশ সচিব ইমৰান আহমেদে এই ত্রিপাক্ষিক বৈঠকখনত অংশ লয়।
পাকিস্তানৰ বিদেশ সচিব আমনা বেলুচে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকখনত অংশ লয়। তিনিওখন দেশে এই বৈঠকখনক 'উন্নয়ন অনুকূল ত্রিপাক্ষিক আলোচনা' বুলি আখ্যা দিয়ে। বৈঠকখনৰ অন্তত তিনিওখন দেশে প্রকাশ কৰা এটা বিবৃতিত কয় যে দক্ষিণ এছিয়া অঞ্চলৰ জনসাধাৰণ কেন্দ্ৰিক বিকাশৰ বাবে এই বৈঠকখনত আলোচনা কৰা হয়। কিন্তু শেহতীয়াকৈ ভাৰতৰ প্ৰতি উদ্বেগৰ বিষয়টো এয়ে যে বাংলাদেশৰ কাৰ্যবাহী নেতৃত্ব আৰু দেশখনে চীনৰে সম্পৰ্ক স্থাপন কৰাটো। দক্ষিণ এছিয়াৰ এই মিত্ৰজোঁটৰ পৰা ভাৰতক এৰাই চলাটো ভাৰতৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি স্বৰূপ হৈ পৰিছে। শেহতীয়াকৈ হোৱা পাকিস্তান আৰু ভাৰতৰ মাজত ভয়ংকৰ সংঘর্ষ, এই যুদ্ধত পাকিস্তানক চীনের প্রদান কৰা সামৰিক সাহায্য আদিয়ে এই বৈঠকখনক লৈ ভাৰত উদ্বিগ্ন হৈ পৰিছে। আনহাতে, বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে মার্চ মাহত চীন ভ্ৰমণৰ সময়ছোৱাত চীনক বাংলাদেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অংশীদাৰ হিচাপে আখ্যা দিছিল।
ইউনুছে কৈছিল যে চীনে বাংলাদেশৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত প্ৰৱেশ কৰিব পাৰে। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক অধীন কৰাৰ এই পৰিকল্পনা ইউনুছে চীনৰ সৈতে কৰাৰ পাছতেই যোৱা ১৭ মে'ত ভাৰতে বাংলাদেশৰ বস্ত্ৰ সামগ্ৰী ভাৰতত নিষিদ্ধ কৰিছিল। শেখ হাছিনাৰ শাসনৰ পতনৰ পাছতেই দেশখনৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী ইউনুছে পাকিস্তান আৰু চীনৰে বাংলাদেশৰ সম্পৰ্ক বৃদ্ধি কৰিছে। ইফালে, এই তিনিওখন দেশৰ শেহতীয়া ঘনিষ্ঠতাৰ বাবে ভাৰতে ইয়াৰ কৌশলগত কূটনৈতিক বিষয়ত গুৰুত্ব প্রদান কৰিছে। বিশেষকৈ চীন আৰু বাংলাদেশৰ সৈতে সীমান্ত থকা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতে অধিক দৃষ্টি নিক্ষেপ কৰিব আহি থকা সময়ত।