৩গৰাকী কেন্দ্ৰীয় মন্ত্রীয়ে ক'লে, লকডাউন নহয়

dainik janambhumi March 28, 2026

ডিজিটেল ডেস্ক: পশ্চিম এছিয়াৰ যুদ্ধই সৃষ্টি কৰা ইন্ধন আৰু প্রাকৃতিক গেছৰ সংকটৰ সময়ত দেশত কভিড মহামাৰীৰ সময়ৰ দৰেই পুনৰ লকডাউন বলৱৎ কৰিব পাৰে বুলি প্রকাশ পোৱা বাতৰি কালি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে অগ্রাহ্য কৰে। 

বিত্তমন্ত্রী নির্মলা সীতাৰমণ, পেট্রলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্রী কিৰেন ৰিজিজুৱে এই বাতৰি সম্পূৰ্ণৰূপে অগ্রাহ্য কৰে। এনেধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ চৰকাৰে জনসাধাৰণক আহ্বান জনায়। 

কেন্দ্ৰীয় চৰকাৰে কালি স্পষ্টভাৱে কয় যে দেশত লকডাউন বলৱৎ কৰা নহয়। প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে আতংকিত হ'ব নালাগে আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে। এনে অৱস্থাত লকডাউন কাৰ্যকৰী কৰিব পাৰে বুলি প্রকাশ পোৱা বাতৰিক চৰকাৰে ভিত্তিহীন বুলি কয়। 

উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত সংসদত দিয়া ভাষণত কৰ'নাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা আৰু সেইসময়ৰ দৰেই দেশবাসীক ঐক্যবদ্ধ হৈ বৰ্তমানৰ সংকটৰ মোকাবিলা কৰাৰ আহ্বান জনাইছিল। ইয়াৰ পাছতে দেশত লকডাউন বলৱৎ কৰা হ'ব পাৰে বুলি বিভিন্ন মাধ্যমত শংকা প্রকাশ কৰা হৈছিল। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয়, 'মই দেশৰ জনসাধাৰণক আস্থাসহকাৰে কওঁ যে কোনোধৰণৰ লকডাউন বলৱৎ কৰা নহয়। একাংশ নেতাই লকডাউন বলৱৎ কৰিব পাৰে আৰু তেলৰ নাটনি হ'ব বুলি দিয়া মন্তব্যত মই আচৰিত হৈছোঁ। ৰাজনৈতিক জগতখনৰ সৈতে জড়িত লোকসকলে এনেধৰণৰ মন্তব্য দিব নালাগে। কভিডৰ সময়ৰ দৰে এতিয়া কোনোধৰণৰ লকডাউন আৰোপ কৰা নহয়।' 

ইফালে পেট্রলিয়াম মন্ত্ৰী পুৰীয়ে কয় যে লকডাউনৰ উৰা বাতৰি সম্পূৰ্ণৰূপে মিথ্যাচাৰ। চৰকাৰে এনেধৰণৰ কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই। বৰ্তমান বিশ্বত সৃষ্টি হোৱা পৰিস্থিতিৰ সময়ত দেশৰ জনসাধাৰণক শান্ত হৈ থাকিবলৈ চৰকাৰে আহ্বান জনাইছে। এনে সময়ত এনেধৰণৰ ভিত্তিহীন বাতৰি প্ৰচাৰ কৰাটো দায়িত্বজ্ঞানহীন আৰু হানিকাৰক। ইফালে ৰিজিজুৱে কয় যে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্রণত আছে আৰু ভাৰত চৰকাৰে পৰিস্থিতিৰ নিৰীক্ষণ কৰি আছে। তেওঁ লকডাউনৰ বাতৰি সম্পূৰ্ণৰূপে উৰা বাতৰি বুলি কয়। ইফালে পেট্রলিয়াম মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কালি এখন সংবাদ মেলত প্রকাশ কৰে যে দেশত লকডাউন কাৰ্যকৰী কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। তেওঁ কয় যে দেশৰ সকলো শোধনাগাৰে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছে। 

দেশত এল পি জিৰ (ৰন্ধন গেছ) উৎপাদন ৪০% বৃদ্ধি পাইছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত খাৰুৱা তেল আৰু পেট্রলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে আৰু যোগানত প্ৰভাৱ পেলাইছে। তেওঁৰ মতে, ভাৰতৰ হাতত খাৰুৱা তেলৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে আৰু এল পি জি, এল এন জি তথা পি এন জিৰ যোগানো পূৰ্বৰ অৱস্থাত আছে। আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ৭০% পর্যন্ত বৃদ্ধি কৰা হৈছে কে আৰু ৰেস্তোৰাঁ, ধাবা তথা ষ্টীল উৎপাদন কৰা প্ৰকল্পসমূহক অধিক গুৰুত্ব দিয়া হৈছে।

Share This