আমেৰিকাত ভয়ংকৰ বা-মাৰলীত ৩০ জনৰ মৃত্যু, ১০জন আহত

dainik janambhumi May 19, 2025

ডিজিটেল ডেস্কঃ আমেৰিকাৰ মধ্য পশ্চিম আৰু দক্ষিণ প্রান্তত প্রচণ্ড বা-মাৰলীয়ে তাণ্ডৱ চলোৱাৰ পাছত কমেও ৩০জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। আমেৰিকাৰ কেনটু কিৰ গভৰ্নৰ এণ্ডি বেশ্বিয়েৰে শনিবাৰে প্ৰকাশ কৰা অনুসৰি, প্ৰদেশখনত বা-মাৰলীত আক্রান্ত হৈ ১৮জন লোকৰ মৃত্যু হৈছে আৰু ১০জনক গুৰুতৰভাৱে আহত অৱস্থাত হস্পিটেলত ভর্তি কৰোৱা হৈছে। শনিবাৰৰ পৰা আৰম্ভ হোৱা বিধ্বংসী বা-মাৰলীয়ে কেনটুকি প্ৰদেশৰ ঘৰ-দুৱাৰ আৰু বহনসমূহ তচনচ্ কৰে।

প্ৰদেশখনৰ বহু বাসিন্দা এই ঘূর্ণী বতাহৰ বাবে গৃহহীন হৈছে। প্রদেশখনৰ দক্ষিণ-পূবৰ ল'ৰেল কাউন্টিত এই বা-মাৰলীয়ে যথেষ্ট ক্ষতি কৰিছে। এই ঠাইতেই ১৭জন লোকৰ মৃত্যু হয় আৰু পুলাস্কি কাউন্টিত এজন লোকৰ মৃত্যু হয়। প্রদেশখনৰ বহুতো পথ বা-মাৰলীৰ ফলত বিধ্বস্ত হৈছে। বেশ্বিয়েৰে প্ৰকাশ কৰা মতে, মৃতকৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে। প্রদেশখনৰ জৰুৰী ব্যৱস্থাপনা বিভাগৰ সঞ্চালক এৰিক গিবচনে

প্ৰকাশ কৰা অনুসৰি, প্ৰদেশখনৰ শতাধিক ঘৰ বিধ্বস্ত হৈছে। উদ্ধাৰকাৰীৰ দলে শনিবাৰে গোটেই নিশা উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। দেশখনৰ বতৰ সেৱা বিভাগে বা-মাৰলীৰ অধিক সম্ভাৱনা প্রকাশ কৰি কয় যে লণ্ডনৰ কৰবিন বিমান বন্দৰৰ দিশে বা-মাৰলী গতি কৰাৰ আগজাননী দিছে।

Share This