'এপল'ৰ ভাৰতৰ কাৰখানাৰ পৰা প্ৰস্থান ৩০০ চীনা অভিযন্তা-শ্ৰমিকৰ

dainik janambhumi July 05, 2025

ডিজিটেল ডেস্ক : এপল কোম্পানীয়ে ভাৰতত আইফ'নৰ পৰৱৰ্তী মডেলৰ উৎপাদন বৃদ্ধি কৰিবলৈ প্রস্তুতি চলোৱাৰ সময়তে ইয়াৰ মূল সৰবৰাহকাৰী (ছাপ্লায়াৰ) ফক্সকনৰ ফেক্টৰীৰ কেইবাশ চীনা অভিযন্তা আৰু টেকনিচিয়ানক টালি-টোপোলা বান্ধি উভতিবলৈ কোৱা হৈছে। ব্লুমবার্গৰ বাতৰি মতে দক্ষিণ ভাৰতত থকা ফক্সকনৰ আইফ'ন প্ৰকল্পৰ পৰা ৩ শতাধিক দক্ষ কৰ্মচাৰীয়ে প্রস্থান কৰিছে। যদিও ফক্সকন আৰু এপলে আনুষ্ঠানিকভাৱে এই বিষয়ত মন্তব্য কৰা নাই তথাপি এই প্রস্থানৰ সময় আৰু তেওঁলোকৰ মৌনতাই বহু কথাই প্রকাশ কৰিছে। এই কাণ্ড নিয়মীয়া ৰদ-বদল নহয়। 

মন কৰিবলগীয়া যে শিল্পোৎপাদন (মেনুফেকচাৰিং) কেন্দ্ৰবোৰ আঁতৰাই নিয়াৰ বাবে পাশ্চাত্যৰ কোম্পানী আৰু চীনৰ মাজত বৃদ্ধি পোৱা উত্তেজনা আৰু ভাৰত-চীনৰ মাজত সীমা বিবাদৰ মাজতে এই ঘটনা সংঘটিত হৈছে। ভাৰতত শিল্পোৎপাদন সম্প্ৰসাৰিত কৰাত বিপুলভাৱে বিনিয়োগ কৰা এপলৰ বাবে প্রশিক্ষিত চীনা কাৰিকৰী লোক নাইকিয়া হোৱাটো এক আঘাত। এই অভিযন্তাসকল কেৱল 'ডিভাইচ এচেমব্‌ল' কৰাতে জড়িত নাছিল, তেওঁলোকে ভাৰতীয় কৰ্মচাৰীক প্রশিক্ষণ দিছিল আৰু চীনৰ বৃহৎ বৃহৎ ফেক্টৰীত দশক দশকজুৰি গঢ়ি উঠা জ্ঞান বিলাই দিছিল। 

শেহতীয়া মাহবোৰত মেধা, প্রযুক্তি আৰু যন্ত্র-পাতি বহির্গমনত চীনৰ নিয়ন্ত্ৰণ বৃদ্ধি পাইছে। ব্লুমবার্গৰ মতে চীনা চৰকাৰে অনানুষ্ঠানিকভাৱে কোম্পানীবোৰ আৰু নিয়ামক কর্তৃপক্ষসমূহক গুৰুত্বপূৰ্ণ যন্ত্ৰ-পাতি ৰপ্তানি বন্ধ কৰিবলৈ তথা দক্ষ শ্রমিকক ভাৰত আৰু দক্ষিণ এছিয়াৰ দেশসমূহলৈ প্রেৰণত বাধা দিবলৈ আহ্বান জনাইছে। ইয়াৰ অভিপ্রায় প্রায় স্পষ্ট। ইয়াৰ অভিপ্রায় হৈছে ভূ-ৰাজনৈতিক বিপদাশংকাক বাধা দিবলৈ বহুজাতিক কোম্পানীবোৰে গ্ৰহণ কৰা 'চাইনা প্লাছ ৱান' কৌশলৰ গতি মন্থৰ কৰা। 'চাইনা প্লাছ ৱান' কৌশল হৈছে চীনত বহুজাতিক কোম্পানীয়ে কৰি থকা শিল্পোৎপাদনৰ উপৰি আন এখন বা একাধিক দেশত শিল্পোৎপাদন কৰা। যোৱা বছৰ চীনে বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰা বিৰল ভূ-চুম্বকৰ ৰপ্তানি বন্ধ কৰিছিল, বিশ্বৰ ঔষধৰ যোগান শৃংখলৰ বাবে তথ্য বিনিময় নিয়ন্ত্রণ কৰিছিল। এতিয়া চীনে ম'বাইল প্রস্তুতকাৰী প্রতিভাক চীনতে ৰাখি থ'বলৈ বিচাৰিছে।

Share This