ডিজিটেল ডেস্কঃ ফিলিপাইনছত ছুপাৰ টাইফুন ফুং-বঙৰ তাণ্ডৱৰ বাবে দেশখনৰ উত্তৰ আৰু দক্ষিণ অঞ্চলৰ পৰা ১ লাখতকৈও অধিক লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে।
দেওবাৰে ঘূর্ণী বতাহ ফুং-বঙে দেশখনৰ বিভিন্ন অংশত প্রবল বেগেৰে প্ৰৱেশ কৰাৰ পাছত নেৰানেপেৰা বৰষুণ আৰু প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হৈছে। ১৮৫ কিল'মিটাৰ প্ৰতি ঘণ্টা বেগত অহা এই বিধ্বংসী বা-মাৰলীয়ে দেশখনৰ ঔৰোৰা প্ৰদেশৰ বিভিন্ন অঞ্চল তচনচ কৰে। বহুতো অঞ্চলত বিজুলী সংযোগ বিচ্ছিন্ন হয়।
দেশখনত ইতিমধ্যে ৩০০ বিমানৰ উৰণ বাতিল কৰা হৈছে। টাইফুন কালমেগীৰ পাছত এই বাৰ টাইফুন ফুং-বঙৰ বাবে আতংকৰ সৃষ্টি হৈছে দেশখনত।