গুজৰাটত দুবছৰত ৩০৭টা সিংহৰ মৃত্যু, বিধানসভাত ৰাজ্য চৰকাৰখনৰ তথ্য

dainik janambhumi September 14, 2025

ডিজিটেল ডেস্ক : গুজৰাটত ২০২৩ চনৰ ১ আগষ্টৰ পৰা ২০২৫ চনৰ ৩১ আগষ্টলৈ ৩০৭টা সিংহৰ মৃত্যু হৈছে। ইয়াৰে মাত্র ১৬ শতাংশ সিংহৰহে বার্ধক্যজনিত কাৰণত মৃত্যু হৈছে। ৰাজ্যখনৰ বিধানসভাত বুধবাৰে এই তথ্য দাঙি ধৰা হয়। উদ্বেগজনক বিষয়টো হৈছে ৭০ শতাংশ সিংহ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ অথবা নিজৰ মাজতে যুঁজ-বাগৰ কৰি মৃত্যু হৈছে। 

বিধানসভাত দেখুওৱা তথ্য মতে, ৫০টা সিংহৰ প্ৰাকৃতিক কাৰণত মৃত্যু হৈছে, ১৪১টা বেমাৰত আৰু ৭৪টা নিজৰ মাজতে যুঁজ-বাগৰ কৰি মৃত্যু হৈছে। অন্য ৩৯টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে। দুটা পথ দুৰ্ঘটনাত, ৫টা ৰে'লৰ খুন্দাত আৰু ২০টা মুকলি কুঁৱাত পৰি, ৯টা পানীত ডুবি আৰু ৩টা বিদ্যুৎ প্রৱাহিত হৈ মৃত্যু হয়। 

এইদৰে বনাঞ্চলত সিংহৰ মৃত্যু হোৱাক লৈ ৰাজ্যখনত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বন্যপ্রাণী প্রেমী সংগঠনসমূহে এই বিষয়ত উদ্বেগ প্রকাশ কৰি চৰকাৰক যাৱতীয় ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে।

Share This