ৰাষ্ট্ৰীয়ৰ পৰা ৰাজ্যিক স্তৰলৈ হ'ব বলৱৎ, বিজেপিৰ ৩৩ শতাংশ বিষয়ববীয়া হ'ব মহিলা

dainik janambhumi April 26, 2026

ডিজিটেল ডেস্ক: বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনৰ কাৰ্যনিৰ্বাহক সমিতিত এতিয়া ৩৩ শতাংশ মহিলা বিষয়ববীয়া থাকিব। সংসদীয় ব'ৰ্ডৰ পৰা সম্পাদক পর্যায়লৈকে এই ফর্মুলা বলৱৎ হ'ব। ৰাজ্যসমূহতো এই ব্যৱস্থা গ্রহণ কৰা হ'ব। 

বিজেপিৰ সাধাৰণ সম্পাদকৰ তত্ত্বাৱধানত এই ফর্মুলা বলৱৎ কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। শনিবাৰে সংবাদ মাধ্যমত এই কথা প্রকাশ পায়। সংসদত নাৰী বন্দন বিধেয়কৰ সৈতে সংগতি থকা সংবিধান সংশোধন বিধেয়ক গৃহীত নোহোৱাৰ পাছত বিজেপিয়ে আন দলক মহিলা বিৰোধী আখ্যা দিবলৈ উঠি-পৰি লাগিছে। বিৰোধীয়ে মহিলা সংশোধন বিধেয়ক গৃহীত নকৰাৰ অভিযোগ কৰি দলটোৱে দেশজুৰি প্ৰতিবাদী কার্যসূচীও গ্ৰহণ কৰিছে। 

ইফালে বিৰোধীয়ে মহিলা সংশোধন আইন ২০২৩ চনতে গৃহীত হোৱা বুলি সোঁৱৰাই দি বৰ্তমানৰ লোক সভাৰ আসনৰ ভিত্তিতে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ দাবী জনাইছে। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি, লোক সভাৰ আসনৰ সংখ্যা ৮ শতাধিক কৰি তাৰ ভিত্তিত মহিলাৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱেৰে যোৱা ১৬ এপ্রিলত লোক সভাত তিনিখন বিধেয়ক উত্থাপনৰ প্ৰস্তুতি চলাইছিল। কিন্তু সংবিধান (১৩১ সংখ্যক সংশোধন) বিধেয়কখনেই বিৰোধীৰ বিৰোধিতাত গৃহীত নোহোৱাত বাকী দুখন বিধেয়কো (সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন বিধেয়ক) চৰকাৰে উত্থাপন নকৰিলে। 

আনহাতে, বিজেপিত মহিলাৰ প্ৰতিনিধিত্বৰ সংখ্যাৰ বিষয়েও বিৰোধীয়ে বিভিন্ন মাধ্যমত প্রশ্ন উত্থাপন কৰি আছে। সেয়ে শাসক দলটোৱে মহিলা সংৰক্ষণৰ ক্ষেত্ৰত ঘৰৰ পৰাই দৃষ্টান্ত দিয়াৰ চেষ্টাৰে সাংগঠনিকভাৱে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত গ্রহণ কৰিছে। বর্তমান বিজেপিৰ সংসদীয় ব'ৰ্ডত মাত্ৰ এগৰাকী মহিলা সদস্য আছে। সাধাৰণ সম্পাদকৰ স্তৰত কোনো মহিলা নাই। আনহাতে, উপাধ্যক্ষ আৰু সম্পাদক পদতো মহিলাৰ সংখ্যা কম। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত মহিলাৰ অংশ ১০ শতাংশতকৈও কম। নির্ধাৰণ কৰা নতুন ফর্মুলা অনুসৰি ১২জনীয়া সংসদীয় ব'ৰ্ডত ৪ গৰাকী মহিলা থাকিব। ৭গৰাকী সাধাৰণ সম্পাদকৰ ভিতৰত ২গৰাকী মহিলা, ১২গৰাকী উপাধ্যক্ষৰ ভিতৰত ৪গৰাকী মহিলা আৰু ১১জন ৰাষ্ট্ৰীয় সম্পাদকৰ পদৰ ভিতৰত ৩গৰাকী মহিলা থাকিব। 

উল্লেখযোগ্য যে ২০০৭ চনত বিজেপিৰ তদানীন্তন অধ্যক্ষ ৰাজনাথ সিঙে দলৰ সংগঠনত ৩৩ শতাংশ মহিলাক বিষয়বাব দিবলৈ সুষমা স্বৰাজৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰিছিল। কিন্তু কিছু প্ৰশ্নৰ উত্তৰ নিমিলাত সেই সমিতিয়ে উক্ত প্ৰস্তাৱ কাৰ্যকৰী কৰিব নোৱাৰিলে।

Share This