ডিজিটেল ডেস্ক: বাংলাদেশত ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা ত্রয়োদশ সংসদীয় নির্বাচন আৰু গণভোট পর্যৱেক্ষণৰ বাবে আহিব ৩৩০জন আন্তঃৰাষ্ট্ৰীয় পর্যৱেক্ষক। দেশখনৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সংবাদ বিভাগে প্রকাশ কৰিছে যে অর্গেনাইজেশ্যন অব্ ইছলামিক কো-অপাৰেশ্যনকে ধৰি ছটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই নির্বাচনলৈ কমেও ৬৩জন পর্যৱেক্ষক প্ৰেৰণ কৰিব।
তদুপৰি, ইউৰোপিয়ান ইউনিয়ন, আন ১৫খন দেশ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে জড়িত ৩২জন ব্যক্তিয়ে পর্যৱেক্ষক হিচাপে ভাগ ল'ব। নির্বাচনত নিৰপেক্ষ পর্যৱেক্ষক হিচাপে ভাগ লোৱাত বৰ্তমানলৈ সন্মতি দিছে ইণ্ডোনেছিয়া, জাপান, পাকিস্তান, ভূটান, মালডিভছ, শ্রীলংকা, ফিলিপাইনছ, জর্ডান, ইৰান, জর্জিয়া, ৰাছিয়া, দক্ষিণ আফ্রিকাকে ধৰি কেইবাখনো ৰাষ্ট্ৰই।
ভাৰতক আমন্ত্রণ জনোৱা হৈছিল যদিও ভাৰতে এতিয়ালৈকে সন্মতি জনোৱা নাই। ইফালে, দেশখনৰ নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে ৪,৪২৭ কিল'মিটাৰ জোৰা সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। দেশখনৰ সীমাত প্রায় ৩৭ হাজাৰ বি জি বিৰ জোৱানক মোতায়েন কৰা হৈছে। তদুপৰি কুইক ৰেছপন্স ফ'ৰ্ট আৰু বিজি বিৰ হেলিকপ্টাৰ ইউনিট প্রতি মুহূর্ততে সাজু থাকিব।
ইফালে দেশখনৰ নিৰ্বাচনৰ প্ৰাকমুহূর্তত্বত দেওবাৰে নিশা দুটা ফৈদৰ মাজৰ সংঘর্ষত প্রায় ৪০জন লোক আহত হয়। বাংলাদেশ নেশ্যনেলিষ্ট পার্টি (বি এন পি) আৰু জামাত-এ-ইছলামীৰ কর্মীৰ মাজত পাটুৱাখালি জিলাত সংঘটিত হয় এই সংঘৰ্ষৰ ঘটনা।