ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তন এতিয়া কেৱল এটা প্রাকৃতিক প্রত্যাহ্বানেই হৈ থকা নাই। ই মানুহৰ দৈনন্দিন জীবন-যাপন, প্রৱজন, মজুৰি আৰু কৰ্মসংস্থানতো প্রভাৱ পেলাইছে। জলবায়ু পৰিৱৰ্তনৰ বিষয়ত হোৱা আলোচনা-বৈঠক সন্দৰ্ভত প্রধানতঃ উষ্ণতা বৃদ্ধি, বতৰৰ পৰিৱৰ্তন আৰু পাৰিৱেশিক অৱক্ষয়ৰ দিশটোৱেহে বেছি গুৰুত্ব পায়। কিন্তু ই যে কৰ্মশক্তি আৰু জীৱিকাৰ বাবেও ভয়াবহ প্রত্যাহ্বান নমাই আনিছে সেয়া দৃষ্টিৰ অগোচৰেই ৰৈ যায়। বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতৰ শ্ৰমজীৱী কৰ্মশক্তিৰ প্ৰায় ৭৫ শতাংশই অর্থাৎ প্রায় ৩৮ কোটি শ্রমজীৱীয়েই অত্যধিক তাপমাত্রা বা উষ্ণতাৰ সংস্পৰ্শত থাকিব লগা হোৱা কৰ্মসংস্থাপনৰ লগত জড়িত। তথ্য অনুসৰি গ্ৰীষ্মপ্ৰৱাহ বা প্রচণ্ড উষ্ণতা বৃদ্ধিৰ ফলত ২০৩০ চনৰ ভিতৰত বিশ্বৰ ৮ কোটি লোকে চাকৰি হেৰুৱাব। ইয়াৰ ভিতৰত ৩.৪ কোটি শ্রমিকেই হ'ল ভাৰতীয়। প্রচণ্ড উষ্ণতা বৃদ্ধি আৰু উদ্যোগসমূহত উষ্ণতা বৃদ্ধিৰ ফলত উৎপাদনশীলতা হ্রাস লোৱাৰ ফলতে শ্রমিকৰ ছাটাই অভিযান হ'ব বুলি বিশ্ব বেংকৰ প্ৰতিবেদনত প্রকাশ। ইফালে, প্রচণ্ড গ্রীষ্মপ্ৰৱাহে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনতো (জি ডিপি) নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে।
অহা ৪ বছৰত অতি গৰম আৰু আৰ্দ্ৰতাৰ বাবে ভাৰতে বহু পৰিমাণৰ কৰ্মঘণ্টা (লেবাৰ আৱাৰ) হেৰুৱাব। যিয়েই ভাৰতৰ জি ডি পি ৪.৫ শতাংশ পর্যন্ত হ্রাস কৰিব, যিটো প্রায় ১৫০-২৫০ বিলিয়ন ডলাৰৰ সমতুল্য হ'ব। অর্থাৎ গ্রীষ্মপ্ৰৱাহৰ ফলত অহা ৪-৫ বছৰত ভাৰতৰ ২৫০ বিলিয়ন মার্কিন ডলাৰ পৰ্যন্ত লোকচান হ'ব। তথ্য অনুসৰি ২০৩০ চনৰ পৰা দেশত উষ্ণতা অধিক বৃদ্ধি পাব আৰু ইয়াৰ ফলত ১৬-২০ কোটি লোক ভয়াৱহভাৱে ক্ষতিৰ সন্মুখীন হ'ব। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ শ্রমিক জলবায়ুগত আৰু মেচিনৰ পৰা উৎপত্তি হোৱা গৰমৰ পৰা বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। এই কাৰখানাসমূহত বায়ু প্রবাহিত হোৱাৰ ব্যৱস্থা অতি দুখ লগা হোৱাত শ্ৰমিকসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে।
ছিন্থেটিক বস্ত্র উৎপাদনৰ বিশ্বৰ বৃহত্তম হাব হিচাপে চিহ্নিত হৈ আহিছে চুৰাট। কিন্তু এই ছিন্থেটিক বস্ত্র উৎপাদন, প্রিন্ট, ড্রাই আদিৰ বাবে প্ৰচুৰ উত্তাপৰ প্রয়োজন হয়। এই অধিক উষ্ণতাৰ মাজতো হাজাৰ হাজাৰ শ্রমিকে দিনে-নিশাই কাম কৰিব লগা হয়। কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ লগতে দেশৰ আন অংশৰ উপৰি ছুৰাটৰ বস্ত্ৰ কাৰখানাসমূহত নেতিবাচক প্ৰভাৱ পৰিছে। শেহতীয়া ভূ-ৰাজনৈতিক অস্থিৰতা আৰু অন্যান্য কাৰণত ছুৰাটৰ এই বৃহৎ কাৰখানাসমূহত শীতলীকৰণ সামগ্রী লগোৱাত মালিক পক্ষ ব্যর্থ হৈছে। যাৰ ফলত শ্রমিকে প্রচণ্ড গৰমত কাম কৰিবলৈ অপাৰগ হৈছে আৰু উৎপাদন ক্ষমতাও হ্রাস পাইছে।