নতুন দিল্লীত ৩৪টা সংগঠনৰ ধৰ্ণা, ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ দাবী

dainik janambhumi December 13, 2025

ডিজিটেল ডেস্ক : নতুন দিল্লীৰ যন্তৰ মন্তৰ প্রাংগণত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী কমিটীৰ লগতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত তথা তাৰ অন্তৰ্গত ১৭টা জনগোষ্ঠীৰ ৩৪টা দল-সংগঠনৰ সহযোগত কালিৰ ধৰ্ণা কার্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰীত অসম চৰকাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰে প্ৰেৰণ কৰাৰ পাছত তাক কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রণালয়ে কেন্দ্রীয় গৃহ মন্ত্রণালয়য়ৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদান কৰে যদিও বিগত ১৫ মাহে সংশ্লিষ্ট বিভাগ তথা অসম চৰকাৰে বিষয়টো সম্পর্কে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ধর্ণাস্থলীত ভাষণ দি তীব্র ক্ষোভ প্রকাশ কৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই। 

আনহাতে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিকৰণৰ ক্ষেত্ৰত যদি শীঘ্ৰে ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰে আৰু ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তর্ভুক্তি নকৰে তেন্তে বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিক তীব্র প্রত্যাহ্বান জনাব বুলি ভাষণত ব্যক্ত কৰে। উল্লেখযোগ্য যে ৰাভা হাছং অঞ্চলত হোৱা ব্যাপক অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰতিৰোধৰ লগতে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ৰাভা জাতীয় সংগঠনসমূহে আৰম্ভ কৰা সংগ্ৰামৰ ন্যায্যতাক স্বীকৃতি দি ১৯৯৫ চনৰ ১০ মাৰ্চত অসম চৰকাৰে ঐতিহাসিক 'ৰাভা চুক্তি' স্বাক্ষৰ কৰিছিল। সেই চুক্তি স্বাক্ষৰ কৰাৰ ৩০ বছৰ পাৰ হৈ যোৱা সত্ত্বেও ৰাভা হাছং অঞ্চলত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাত লাখ বাসিন্দাক সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ বাবে অঞ্চলবাসীয়ে দীর্ঘদিনৰ পৰা যি সংগ্রাম অব্যাহত ৰাখিছে তাক অতিশীঘ্ৰে মান্যতা দিয়াৰ বাবে আজিৰ ধৰ্ণা কাৰ্যসূচীত আহ্বান জনায় ৰাভা জাতীয় সংগঠনৰ লগতে বিভিন্ন জনগোষ্ঠীৰ দল-সংগঠনৰ নেতৃত্বই। 

উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি যাৱতীয় সমস্ত কাম-কাজ কৰাৰ বাৰম্বাৰ প্ৰতিশ্ৰুতি প্রদান কৰি আহিছে যদিও এতিয়ালৈকে কার্যক্ষেত্রত প্রতিফলিত নহ'ল। কালিৰ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ৰাভা জাতীয় সংগঠনসমূহে ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ উপৰি মেঘালয় আৰু পশ্চিম বংগত বসবাস কৰা ৰাভাসকলক ৰাজনৈতিক ব্যৱস্থাপনা প্ৰদান কৰা, ৰাভা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে অধিক সম্প্ৰসাৰণ কৰা আদি দাবীত কেন্দ্ৰীয় চৰকাৰলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে। কাৰ্যসূচীত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ উপ-সভাপতি লোহিত লামচাল, বেংগলী যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি গোপাল সৰকাৰৰ উপৰি যৌথ মঞ্চৰ বহুকেইজন নেতাই অংশগ্ৰহণ কৰাৰ লগতে ভাষণ দিয়ে।

Share This