ডিজিটেল ডেস্ক: উত্তৰ ভাৰতত শীতৰ প্রকোপ বৃদ্ধি হোৱাৰ লগে লগে ঘন কুঁৱলীয়ে বিভিন্ন ৰাজ্যৰ অঞ্চলবোৰ আগুৰি ধৰিছে। এই ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা হ্রাস হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ ভাৰতৰ ৰাজ্যসমূহত যোৱা কেইদিনত ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। কেইদিনমান পূর্বে হাৰিয়ানাত ৩৬খন বাহনৰ সংঘৰ্ষ লগাত ২জনৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছিল।
শেহতীয়াকৈ মঙলবাৰে পুৱা উত্তৰ প্ৰদেশৰ মথুৰাত দিল্লী-আগ্রা যমুনা এক্সপ্রেছৱে'ত ১০খন বাহনৰ মাজত ঘন কুঁৱলীৰ বাবে সংঘর্ষ লাগে। যমুনা এক্সপ্রেছৱে'ত ৭খন বাছ আৰু ৩ খন কাৰৰ মাজত ঘন কুঁৱলীৰ বাবে সংঘর্ষ লাগে আৰু ইয়াৰ পাছতেই বাহনসমূহত জুই লাগে। দুর্ঘটনাৰ পাছতেই অগ্নিনির্বাপক বাহিনী আৰু উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু উদ্ধাৰকাৰ্যত নিয়োজিত হৈ ২৬জন যাত্ৰীক উদ্ধাৰ কৰে। এই দুর্ঘটনাৰ ফলত ১৫জন যাত্ৰীৰ মৃত্যু হয়। জানিব পৰা মতে, দুর্ঘটনাৰ পাছত বাছসমূহৰ দৰ্জা স্বয়ংক্রিয়ভাৱে বন্ধ হৈ গৈছিল আৰু ইয়াৰ বাবে যাত্ৰীসকল বাহিৰলৈ ওলাব পৰা নাছিল।
আনহাতে, এখন বাছৰ সৈতে আনখনৰ সংঘৰ্ষ লগাৰ পাছত বাহনসমূহত জুইৰ সূত্রপাত হয়। জুই ইমান ভয়ানকভাৱে বিয়পি পৰে যে যাত্রীসকলে বাহিৰলৈ ওলোৱাৰ সুযোগেই নাপালে। আনহাতে, এই বাছ দুর্ঘটনাসমূহ কেৱল 'দুর্ঘটনাই' নহয়, দেশৰ পৰিবহণ ব্যৱস্থা, যাত্ৰীৰ সুৰক্ষা আৰু বিভাগীয় কর্তৃপক্ষৰ নিৰীক্ষণ ব্যৱস্থাক লৈও প্রশ্ন উঠিছে।
যোৱা দুমাহত চলন্ত বাছত জুই লগাৰ বাবে এতিয়ালৈকে ৩৫জন যাত্রীয়ে প্রাণ হেৰুৱাইছে। যাত্ৰীসকলৰ চলন্ত বাছত অগ্নিদগ্ধ হৈ অথবা শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছে। বাছসমূহ পৰিবহণক্ষম হয় নে নহয়, সেয়া নিৰীক্ষণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষই উপযুক্ত ব্যৱস্থা নোলোৱাৰ বাবেই এনেধৰণৰ ঘটনা প্রায়ে সংঘটিত হ'বলৈ ধৰিছে।