ডিজিটেল ডেস্ক: নেপালৰ ৰাজনীতিত এক ঐতিহাসিক অধ্যায়ৰ সূচনা কৰি ৩৫ বছৰীয়া জনপ্ৰিয় ৰেপাৰ তথা নেতা বলেন্দ্ৰ শ্বাহে (বলেন) আজি দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত দুৰ্নীতি বিৰোধী গণ-বিক্ষোভৰ ফলত পূৰ্বৰ চৰকাৰৰ পতন হোৱাৰ পাছত অনুষ্ঠিত নিৰ্বাচনত বলেনৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি (RSP)-য়ে বিপুল বিজয় সাব্যস্ত কৰিছে।
শুকুৰবাৰে কাঠমাণ্ডুৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰাম চন্দ্ৰ পৌডেলৰ উপস্থিতিত তেওঁ শপত গ্ৰহণ কৰে। নিৰ্বাচনত ২৭৫ জনীয়া সংসদত তেওঁৰ দল RSP-এ ১৮২খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে।
প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ মাত্ৰ এদিন পূৰ্বে বলেন শ্বাহে ছ’চিয়েল মিডিয়াত এটা নতুন ৰেপ গীত মুকলি কৰি দেশজুৰি চৰ্চা লাভ কৰিছে। 'জয় মহাকালী' শীৰ্ষক এই গীতটোত তেওঁ নেপালৰ শক্তি আৰু একতাৰ জয়গান গাইছে। গীতটোৰ কথাবোৰে দেশৰ জনসাধাৰণক একত্ৰিত হ’বলৈ আহ্বান জনাইছে।
এক নতুন ইতিহাস
কাঠমাণ্ডুৰ প্ৰাক্তন মেয়ৰ বলেন্দ্ৰ শ্বাহ নেপালৰ ইতিহাসত দক্ষিণৰ সমভূমি অঞ্চলৰ (মাধেশী সম্প্ৰদায়) পৰা প্ৰধানমন্ত্ৰী হোৱা প্ৰথমগৰাকী ব্যক্তি। দেশখনত দীৰ্ঘদিন ধৰি চলি থকা নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ বিৰুদ্ধে যি জনজাগৰণ আৰম্ভ হৈছিল, তাৰ সুফল হিচাপেই বলেনৰ এই উত্থানক দেখা গৈছে। যদিও তেওঁ প্ৰত্যক্ষভাৱে প্ৰতিবাদত নামি পৰা নাছিল, তথাপি যুৱ প্ৰজন্মৰ তেওঁ আছিল নয়নৰ মণি।
প্ৰত্যাহ্বান আৰু আন্তঃৰাষ্ট্ৰীয় সঁহাৰি
নেপালৰ ৰাজনৈতিক অস্থিৰতা এক ডাঙৰ প্ৰত্যাহ্বান, য’ত ১৯৯০ চনৰ পৰা এতিয়ালৈকে ৩২ খন চৰকাৰ সলনি হৈছে। বলেন শ্বাহৰ শপত গ্ৰহণৰ পাছতে চুবুৰীয়া দেশ চীনে তেওঁক অভিনন্দন জনাইছে আৰু নেপালৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে।
এতিয়া এজন ৰেপাৰৰ পৰা দেশৰ সৰ্বোচ্চ পদবী অলংকৃত কৰা বলেন শ্বাহে কেনেকৈ নেপালৰ অৰ্থনীতি আৰু ৰাজনীতিক এক নতুন গতি প্ৰদান কৰে, সেয়া হ’ব লক্ষণীয়।
উৎস: প্ৰাগ নিউজ ডিজিটেল