ডিজিটেল ডেস্কঃ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধই আমেৰিকাৰ অৰ্থনীতিলৈ তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। ট্রাম্পৰ এই নীতিৰ পৰিণতিত যোৱা ছমাহত দেশখনত দেউলীয়া ঘোষণা কৰা কোম্পানীৰ সংখ্যাই বিগত ১৫ বছৰৰ অভিলেখ ভংগ কৰে।
উল্লেখযোগ্য যে আমেৰিকাৰ ধাৰৰ বোজা প্রায় ৩৭ লাখ কোটি ডলাৰ হৈছে, যিটো দেশখনৰ অৰ্থনীতিৰ বাবে এক নেতিবাচক দিশ বুলি কোৱা হৈছে। সেই সময়তে যোৱা ছমাহত ৩৭১টা আগশাৰীৰ কোম্পানী দেউলীয়া হৈ পৰে। ইয়াৰ আগতে ২০১০ চনৰ প্ৰথম ছমাহত ৪৬৮টা কোম্পানী দেউলীয়া হৈছিল। যোৱা ছমাহত আমেৰিকাত কোম্পানী দেউলীয়া হোৱাৰ ধাৰা অব্যাহত আছে। যোৱা মাহত ৬৩টা আৰু মে' মাহত ৬৪টা কোম্পানী দেউলীয়া হৈ পৰে। এই বছৰ আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে উদ্যোগ খণ্ড। এই খণ্ডটোৰ ৫৮টা কোম্পানীয়ে নিজকে দেউলীয়া ঘোষণা কৰে।
ইয়াৰ পাছতে কনজিউমাৰপ ডিছক্ৰেশ্যনেৰী খণ্ডৰ ৫০টা আৰু হেল্থ কেয়াৰ খণ্ডৰ ২৭টা কোম্পানী দেউলীয়া ঘোষণা কৰা হৈছে।
উল্লেখযোগ্য যে ১৪ বছৰৰ ভিতৰত সৰ্বাধিকসংখ্যক কোম্পানী দেউলীয়া হোৱাৰ বিষয়ে যোৱা বছৰ ঘোষণা কৰা হৈছিল। ৰাষ্ট্ৰপতি ট্রাম্পে বিদেশী সামগ্রীত সমানুপাতিক শুল্ক আৰোপ তথা 'মেক ইন আমেৰিকা' শ্ল'গানেৰে আমেৰিকাক মহান কৰাৰ কথা ঘোষণা কৰিছে। সেই সময়তে দেশখনৰ বৃহৎসংখ্যক কোম্পানী দেউলীয়া হোৱাটো লক্ষণীয় হৈ পৰিছে।
ট্রাম্পৰ মতে, সমানুপাতিক শুল্কই বিদেশৰ পৰা আমদানি হ্রাস কৰাত সহায় কৰিব আৰু আমেৰিকাৰ কোম্পানীবোৰৰ লাভ হ'ব। ইয়াৰ লগতে শুল্কৰ জৰিয়তে হোৱা আয়ে ঋণ হ্রাস কৰাতো সহায় কৰিব বুলি তেওঁ কয়। কিন্তু সূত্রসমূহে প্ৰকাশ কৰা অনুসৰি ট্রাম্পৰ শুল্ক নীতিৰ ফলত কোম্পানীসমূহৰ উৎপাদন ব্যয়ৰ বোজা অধিক বৃদ্ধি পাইছে। বিদেশৰ পৰা আমদানি কৰা কেঁচা মালত অতিৰিক্ত শুল্ক বহনৰ বোজা কোম্পানীবোৰে বব্ব লগা হৈছে। বিশেষকৈ উদ্যোগ আৰু উপভোক্তা খণ্ডৰ কোম্পানীবোৰ অধিক সমস্যাৰ সন্মুখীন হৈছে। ফলত এই কোম্পানীবোৰ এতিয়া দেউলীয়া হোৱাৰ দিশত আগবাঢ়িছে।