গুজৰাট বিস্ফোৰণৰ ৩৮ অভিযুক্তক মৃত্যুদণ্ড

dainik janambhumi July 08, 2026

ডিজিটেল ডেস্ক : গুজৰাটৰ আহমেদাবাদত ২০০৮ চনত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ৩৮জন লোকক গুজৰাট উচ্চ ন্যায়ালয়ে মঙলবাৰে মৃত্যুদণ্ডৰ আদেশ বাহাল ৰাখে। ১৮ বছৰ পূৰ্বে সংঘটিত ধাৰাবাহিক বিস্ফোৰণত ৫৬গৰাকী লোকে প্রাণ হেৰুৱাইছিল আৰু ২৪৬গৰাকী লোক আহত হৈছিল। এই বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ৩৮জন অভিযুক্তক ইতিপূর্বেই ৰাজ্যখনৰ এখন বিশেষ আদালতে মৃত্যুদণ্ডৰ ৰায় দিছিল আৰু ১১জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। মঙলবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে বিশেষ আদালতখনৰ ৰায় বাহাল ৰাখি ৩৮জন অভিযুক্তক মৃত্যুদণ্ড আৰু ১১জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

 আনহাতে, উচ্চ ন্যায়ালয়খনে ভুক্তভোগীসকলক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে গুজৰাট চৰকাৰক নির্দেশ দিয়ে। প্রতিটো মৃত্যুৰ বাবে ১০ লাখ টকাকৈ, আহতসকলক ৫ লাখ টকাকৈ, সামান্য আহতসকলক ১ লাখ টকাকৈ আদায় দিবলৈ ৰাজ্য চৰকাৰখনক নির্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। ক্ষতিপূৰণৰ ধনৰাশি ২০২৭ চনৰ ৩১ মাৰ্চৰ ভিতৰত আদায় দিয়াৰ বাবে ৰাজ্য চৰকাৰক নির্দেশ দিয়ে। উল্লেখযোগ্য যে ২০০৮ চনৰ ২৬ জুলাইত আহমেদাবাদ মহানগৰত কেইবাটাও বোমা বিস্ফোৰণ হৈছিল আৰু দুদিনৰ পাছত বোমাবোৰ চুৰাটত উদ্ধাৰ কৰা হৈছিল। মহানগৰখনৰ অপৰাধ শাখাৰ অনুসন্ধানত এই বিস্ফোৰণৰে জড়িত বুলি ১০০জন লোকক অভিযুক্ত কৰা হৈছিল আৰু ৭জন অভিযুক্তৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া চলিছিল। 

২০২২ চনৰ ফেব্ৰুৱাৰীত এখন বিশেষ আদালতে ৪৯জন লোকক দোষী সাব্যস্ত কৰিছিল আৰু ২৮জন লোকক দোষমুক্ত ঘোষণা কৰিছিল। দোষমুক্ত কৰাসকলৰ ভিতৰত অন্যতম আছিল ষড়যন্ত্রকাৰী হিচাপে অভিযুক্ত মুবীন শ্বেখ আৰু মুবিন পিৰভই। উল্লেখযোগ্য যে ২০০৮ চনৰ ধাৰাবাহিক বিস্ফোৰণ প্ৰথমে হস্পিটেলসমূহত সংঘটিত কৰা হৈছিল আৰু অভিযুক্তই পাছত ই-মেইলযোগে দাবী কৰিছিল যে ২০০২ চনৰ গোধৰা-কাণ্ডৰ পাছত সংঘটিত সাম্প্রদায়িক হিংসাৰ প্রতিশোধকল্পে ধাৰাবাহিক বিস্ফোৰণ ঘটোৱা হৈছিল।

Share This