ডিজিটেল ডেস্ক : স্পেইনত এটা ভয়াৱহ ৰে'ল দুর্ঘটনাত কমেও ৩৯জন লোকৰ মৃত্যু হয়। দেওবাৰে আবেলি দুখন দ্রুতবেগী ৰে'লৰ সংঘৰ্ষৰ ফলতে ঘটনাটো সংঘটিত হয়। মাদ্রিদ অভিমুখী এখন ৰে'ল আডামুজত লাইনচ্যুত হৈ আন এটা ট্রেকত উঠেগৈ আৰু সেই ট্রেকত বিপৰীত দিশৰ পৰা আহি থকা এখন ৰে'লৰ সৈতে সংঘর্ষ লাগে। প্রায় ৪০০ যাত্রী আৰু ৰে'ল কৰ্মচাৰীৰে যাত্ৰা কৰা ৰে'লখনৰ দুৰ্ঘটনাৰ ফলত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
দুর্ঘটনাগ্রস্ত ৰে'লখন আছিল ফ্রেচিয়া ১০০০ শ্ৰেণীৰ ৰে'ল, যাৰ বেগ প্রতি ঘণ্টাত ৪০০ কিল'মিটাৰ। ৰে'ল দুর্ঘটনাটোত গুৰুতৰভাৱে আহত চাৰিটি শিশুকে ধৰি ৪৩জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে। ইয়াৰে ১২জনৰ অৱস্থা সংকটজনক। দেশখনৰ পৰিবহণ বিভাগে প্রকাশ কৰিছে যে প্রায় এটা দশকৰ পাছত দেশখনত এনে ভয়াৱহ ৰে'ল দুর্ঘটনা সংঘটিত হ'ল।
এই ৰে'ল দুর্ঘটনাত মৃতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই স্পেইনত তিনিদিনীয়া শোক পালনৰ সিদ্ধান্ত লৈছে চৰকাৰে। দেশখনৰ প্ৰধানমন্ত্ৰী ছানচেজ ভৌছে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে।