৩৯ বছৰীয়া 'তৰুণ' মেছিৰ অভিলেখৰ পাছত অভিলেখ

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপত এইবাৰ দুৰ্দান্ত ৰূপত দেখা পোৱা গৈছে ৩৯ বছৰীয়া 'তৰুণ' লিয়'নেল মেছিক। নিজৰ দুভৰিৰ যাদুৰে মেছিয়ে নিজৰ নাম বিশ্বকাপৰ ইতিহাসত সোণোৱালী আখৰেৰে লিখোৱাবলৈ সক্ষম হৈছে। ৩৯ বছৰ বয়সতো দুর্দান্ত ৰূপত খেলপথাৰত দেখা পোৱা মেছিয়ে বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচকেইখনত দেখুৱাই দিছে তেওঁৰ দুভৰিৰ যাদু। তেওঁ বিশ্বকাপত ইটোৰ পাছত সিটোকৈ এনেকুৱা ধৰণৰ অভিলেখ গঢ়ি গৈছে, যাক ভংগ কৰাটো বৰ সহজসাধ্য নহ'ব। 

আনহাতে গ্রুপ পৰ্যায়ৰ পৰাই নিজৰ পৰাক্ৰম দেখুৱাই মেছিয়ে বিশ্বকাপত দলটোৰ সম্ভাব্য প্রতিদ্বন্দ্বী দলসমূহলৈ সতর্কবাণী প্ৰেৰণ কৰিলে। মেছিয়ে কালি গ্ৰুপৰ অন্তিমখন মেচত জর্ডানৰ বিৰুদ্ধে এটা গ'ল দি পুনৰ ইতিহাস সৃষ্টি কৰে। তেওঁ বিশ্বকাপৰ ইতিহাসত একেৰাহে সাতখন মেচত গ'ল দিয়াৰ অভিলেখ স্থাপন কৰে। এই কৃতিত্ব আজিলৈকে কোনো এজন খেলুৱৈয়ে অৰ্জন কৰিব পৰা নাই। মেছিয়ে এই মেচখনত দলৰ মূল একাদশত স্থান পোৱা নাছিল। নক আউটৰ প্ৰতি লক্ষ্য ৰাখি প্রশিক্ষকে তেওঁক মূল একাদশত লোৱা নাছিল। দ্বিতীয়ার্ধত মেছি খেলপথাৰত নামে পৰিৱৰ্তিত খেলুৱৈৰ ৰূপত। খেলপথাৰত নমাৰ ২০ মিনিটৰ ভিতৰত মেছিয়ে জর্ডানৰ প্ৰতিৰক্ষণ বিভাগক হতভম্ব কৰি গ'ল দিয়ে। এইটো আছিল এইবাৰৰ বিশ্বকাপত মেছিৰ ষষ্ঠটো গ'ল। 

উল্লেখযোগ্য যে মেছিয়ে বিশ্বকাপত একেৰাহে ছয়খন মেচত গ'ল দিয়াৰ অভিলেখৰ আৰম্ভণি হয় ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ নক আউট পর্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচখনেৰে। ইয়াৰ পাছত সেইবাৰৰ বিশ্বকাপত তেওঁ নেদাৰলেণ্ড, ক্ৰ'ৱেছিয়াৰ বিৰুদ্ধে এটাকৈ গ'ল দিয়ে। আনহাতে ফ্ৰান্সৰ বিৰুদ্ধে উত্তেজনাপূর্ণ ফাইনেলখনত তেওঁ দুটা গ'ল দিয়ে। ইয়াৰ পাছত এইবাৰৰ বিশ্বকাপত গ্রুপ পর্যায়ত আলজেৰিয়াৰ বিৰুদ্ধে হেটত্রিকসহ তিনিটা, অষ্ট্ৰিয়াৰ বিৰুদ্ধে দুটা আৰু কালি জর্ডানৰ বিৰুদ্ধে এটা গ'ল দিয়ে। ইয়াৰ আগতে বিশ্বকাপত একেৰাহে সর্বাধিক ছখন মেচত গ'ল দিয়াৰ অভিলেখ আছিল ফ্রান্সৰ জাষ্ট ফন্টেন আৰু ব্রাজিলৰ জাইৰজিনহোৰ নামত। 

আনহাতে কালি দিয়া গ'লটোৰ জৰিয়তে মেছিয়ে বিশ্ব কাপত দিয়া সর্বাধিক গ'লৰ অভিলেখ ১৯টালৈ বৃদ্ধি কৰে। নিজৰ ৩৯ সংখ্যক জন্মদিন পালনৰ মাত্ৰ তিনিটা দিনৰ পাছত শনিবাৰে দিয়া গ'লটোৰে মেছিয়ে ইয়াকে প্ৰমাণ কৰি দিলে যে বয়সে তেওঁৰ খেলত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই। যোৱাবাৰৰ চেম্পিয়ন দলটোৱে এতিয়া ৰাউণ্ড অব ৩২ত বিশ্বকাপৰ নৱাগত ক্ষুদ্র দেশ কেপ ভার্ডেৰ বিৰুদ্ধে খেলিব। চলিত বিশ্বকাপত বিগত ৯খন মেচৰ আর্জেন্টিনাই সাতখনত জয়ী হৈছে আৰু দুখনত ড্র খেলিছে। 

জর্ডানৰ বিৰুদ্ধে মেচখনত শনিবাৰে আর্জেন্টিনা ৩-১ গ'লত জয়ী হয়। মেছিৰ উপৰি আন দুটা গ'ল দিয়ে জিয় 'ভানি ল' চেলছ' আৰু লাওটাৰো মার্টিনেজে। ইফালে শনিবাৰে নিশা বিশ্বকাপৰ ৰাউণ্ড অব্ ৩২ত খেলিবলগীয়া ৩২টা দল চূড়ান্ত হয়। নক আউট পৰ্যায়ৰ খেল কালি নিশা দক্ষিণ আফ্রিকা আৰু কানাডাৰ খেলখনেৰে আৰম্ভ হৈছে। নক আউট পর্যায়ত আজি নিশা ১০-৩০ বজাত এখন আকর্ষণীয় খেল দেখা পোৱা যাব জাপান আৰু ব্রাজিলৰ মাজত। ইয়াৰ উপৰি ৩০জুনৰ পুৱা ২-৩০ বজাত নেদাৰলেণ্ড-মৰক্কো, এক জুলাইৰ নিশা ২-৩০ বজাত ফ্রান্স আৰু ছুইডেনৰ খেলকেইখন চাবলগীয়া হ'ব।

Share This