৩ চুবুৰীয়া দেশৰ পৰা ভাৰতত চাইবাৰ আক্ৰমণ!, দেশৰ বিমান পৰিবহণ ব্যাঘাত, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ক্ষতি কৰাৰ লক্ষ্য

dainik janambhumi June 10, 2026

ডিজিটেল ডেস্ক : তিনিখন চবুৰীয়া দেশে আৱশ্যকীয় আন্তঃগাঁথনি স্থাপন কৰি ভাৰতৰ বিৰুদ্ধে চাইবাৰ আক্রমণ চলাই আছে। ভাৰতীয় চোৰাংচোৱাই উদ্ধাৰ কৰা তথ্য অনুসৰি, পাকিস্তান আৰু ম্যানমাৰসহ বিভিন্ন এছিয়াৰ দেশৰ পৰা ভাৰতৰ যোগাযোগ ব্যৱস্থা আৰু আকাশী পথ সম্বন্ধীয় নেটৱৰ্ক ত ব্যাঘাত জন্মাই আহিছে। চোৰাংচোৱাৰ সূত্রসমূহে প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ এখন চুবুৰীয়া ৰাষ্ট্ৰই এই চাইবাৰ আক্রমণকাৰী গোটসমূহক প্রত্যক্ষভাৱে সমর্থন দি আহিছে। ভাৰতৰ গুৰুত্বপূর্ণ আন্তঃগাঁথনিবোৰক লক্ষ্য কৰি এই চাইবাৰ অপৰাধী চক্ৰটোৱে অত্যাধুনিক ইলেক্ট্রনিক সঁজুলিৰে চাইবাৰ আক্ৰমণ সংঘটিত কৰি আহিছে। 

ভাৰতৰ চাইবাৰ নিৰাপত্তা সন্থাৰ সঞ্চালক প্রধান তথা লিছিয়ানথাছ টেকৰ প্রতিষ্ঠাপক তথা চিই অ' কুশল কৌশিকে কয় যে ভাৰতীয় বিমান পৰিবহণ খণ্ডলৈ ভাবুকি আনি ভাৰতৰ আকাশী পথত জি পি এছ সংকেত পদ্ধতিক বাধা দি আহিছে এই চাইবাৰ অপৰাধী নেটৱকে। ভাৰতৰ বিমান পৰিবহণ খণ্ডত প্ৰভাৱ পেলাই অহা জি পি এছ সংকেত পদ্ধতিক বাধা দিয়া কাৰ্য বৃদ্ধি হোৱাৰ সময়তে এই ভয়ংকৰ তথ্য উদ্‌ঘাটন হৈছে। বিমান পৰিবহণৰ প্ৰতি উদ্বেগৰ কাৰণ হৈ পৰা এই জি পি এছ সংকেতত বিসংগতি গড় হিচাপত মাহিলি ২৪০ শতাংশ বৃদ্ধি পাইছে। 

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ম্যালয়ে শেহতীয়াকৈ এই তথ্য প্রকাশ কৰিছে। কৌশিকে কয় যে চাইবাৰ আক্ৰমণকাৰীয়ে চুবুৰীয়া ৰাষ্ট্ৰত ঘাটি পাতি মহাকাশ ভিত্তিক অথবা কৃত্রিম উপগ্ৰহৰ সমৰ্থনেৰে ভাৰতত চাইবাৰ প্ৰৱঞ্চনা কৰি আছে। ভাৰতৰ বিমান পৰিবহণক ব্যাঘাত কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিত চাইবাৰ আক্ৰমণ সংঘটিত কৰাৰ মূল লক্ষ্য এই বিদেশী চাইবাৰ অপৰাধী চক্ৰটোৰ।

Share This