ছট্টিশগড়ত ৩ মাওবাদী নিহত, ১২জনৰ অস্ত্ৰ সম্বৰণ, সামগ্রিকভাৱে মূৰৰ বাবদ আছিল ৪৬ লাখ টকাৰ পুৰস্কাৰ

dainik janambhumi February 07, 2026

ডিজিটেল ডেস্ক : ছট্টিশগড়ৰ বীজাপুৰত শুকুৰবাৰে নিৰাপত্তাবাহিনীৰে সংঘৰ্ষত ৩টা মাওবাদী নিহত হয়। বীজাপুৰ আৰু মহাৰাষ্ট্ৰ সীমান্তত এই সংঘর্ষ হয়। সংঘৰ্ষত মহাৰাষ্ট্ৰৰ এজন আৰক্ষী জোৱানো নিহত হয়। ইফালে বীজাপুৰ জিলাত বৃহস্পতিবাৰে ১২টা মাওবাদীয়ে আত্মসমর্পণ কৰে। সামগ্রিকভাৱে এই মাওবাদীসকলৰ মূৰৰ নামত ৪৬ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল। 

বাষ্টাৰ আৰক্ষীৰ 'পোন মার্গম' কার্যসূচীৰ অধীনত আত্মসমর্পণ কৰাসকলৰ ভিতৰত ৮গৰাকী মহিলা সদস্যও আছে। অস্ত্র সম্বৰণ কৰাসকলৰ ভিতৰত ছোমাদু মাডকাম (৪২) হৈছে কাটেকাল্যান অঞ্চলৰ মণ্ডল সমিতিৰ সদস্যা। মাওবাদীসকলে এটা এ কে ৪৭, দুটা এছ এল আৰ, ২৫০ডাল জিলেটিন ষ্টিক, ৪০০ ডিটনেটৰকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰ আৰক্ষীৰ ওচৰত জমা দিয়ে। 

আত্মসমর্পণ কৰা প্ৰতিগৰাকী সদস্যাকে তৎকালীনভাৱে ৫০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ লগতে চৰকাৰৰ পুনৰ সংস্থাপন আঁচনিৰ অধীনত সংস্থাপন দিয়াৰ প্রতিশ্রুতি দিয়া হৈছে। উল্লেখযোগ্য যে ২০২৪ চনৰ পহিলা জানুৱাৰীৰ পৰা বৰ্তমানলৈকে বীজাপুৰত ৮৮৮জন মাওবাদীয়ে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে। আনহাতে, এই সময়ছোৱাত আৰক্ষীৰ অভিযানত ১,১৬৩জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীৰে সংঘর্ষত ২৩১জন মাওবাদী নিহত হৈছে।

Share This