ডিজিটেল ডেস্কঃ পেচ বলাৰৰ হিচাপী বলিঙৰ সহায়ত ভাৰতে কালি তৃতীয় টি-২০ ক্রিকেটত দক্ষিণ আফ্রিকাক ৭উইকেটত হৰুৱাই পাঁচখনীয়া শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰে। নিয়ন্ত্রিত বলিঙেৰে প্ৰথমে বেট ধৰা দক্ষিণ আফ্রিকাক ১১৭ ৰানত সীমিত ৰখাৰ পাছত ভাৰতে ২৫টা বল বাকী থকা অৱস্থাত তিনিটা উইকেট হেৰুৱাই ১২০ ৰান কৰি জয় সাব্যস্ত কৰে। ।
ভাৰতৰ হৈ অভিষেক শর্মাই সর্বাধিক ৩৫, শুভমন গীলে ২৮, অধিনায়ক সূর্যকুমাৰ যাদৱে ১২ ৰান কৰি আউট হয়। আনহাতে, তিলক বর্মাই ২৫ আৰু শিভম ডুবেই ১০ ৰানত আউট নোহোৱাকৈ থাকে। ভাৰতে কালি দুটা সাল-সলনি ঘটায়। যশপ্রীত বুমৰাহৰ স্থানত হৰ্ষিত ৰানাক আৰু অক্ষৰ পেটেলৰ পৰিৱৰ্তে কুলদীপ যাদরে মূল একাদশত সুযোগ পায়। ইয়াৰ আগেয়ে, ভাৰতৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিব নোৱৰা দক্ষিণ আফ্রিকাই ১১৭ ৰানতে কেউটা উইকেট হেৰুৱায়।
অর্শদীপ সিং, হর্ষিত ৰাণা, হার্দিক পাণ্ডিয়া আৰু শিভম ডুবেইৰে গঠিত ভাৰতীয় বলিং আক্রমণ বিভাগে অতিথি দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন আপ তচনচ কৰে। অৰ্শদীপে ১৩ ৰানত, বৰুণ চক্রৱতীয়ে ১১ ৰানত, হর্ষিতে ৩৪ ৰানত আৰু কুলদীপ যাদৱে ১২ ৰানত দুটাকৈ উইকেটৰ পতন ঘটায়। দক্ষিণ আফ্রিকাৰ হৈ এইডেন মাৰ্কৰামে সৰ্বাধিক ৬১ ৰানৰ অৱদান যোগায়।