ডিজিটেল ডেস্ক : মধ্য প্রাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰানৰ মাজত সংঘটিত ভয়াৱহ যুদ্ধখনত বোমা, বাৰুদ, যুঁজাৰু বিমান, ক্ষেপণাস্ত্ৰ, ড্ৰ'ন আদি ব্যৱহাৰৰ সমান্তৰালকৈ আধুনিক যুগৰ আন এবিধ অতি ভয়াৱহ অস্ত্র ব্যৱহাৰ হয়। সেই ভয়ানক অস্ত্রবিধ হ'ল চাইবাৰ আক্ৰমণ। বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্রুত উন্নয়নৰ যুগত কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ যথেষ্ট প্রভাৱ ঘটিছে। সম্প্রতি এ আই ব্যৱহাৰেৰে অধিক গভীৰলৈকে চাইবাৰ আক্ৰমণ কৰিব পাৰি। মধ্য প্রাচ্যৰ যুদ্ধখনত ইৰানৰ চাইবাৰ আক্ৰমণত দিশহাৰা হৈ পৰিছে আমেৰিকা আৰু ইজৰাইল। আমেৰিকা আৰু ইজৰাইলৰ বোমা-ক্ষেপণাস্ত্র আক্রমণেও কাবু কৰিব নোৱাৰা ইৰানে চাইবাৰ আক্রমণেৰে দুই শত্রু ৰাষ্ট্ৰৰ অৱস্থা নাজল-নাথল কৰি তুলিছে। ইজৰাইলৰ ৰাষ্ট্ৰীয় চাইবাৰ সঞ্চালকালয়ৰ সঞ্চালক প্রধান য়োচ্চি কাৰাডিয়ে ইৰানৰ চাইবাৰ আক্রমণত বৃহৎ ক্ষতি হোৱাৰ কথা স্বীকাৰ কৰিছে। কাৰাডিয়ে প্রকাশ কৰে যে যোৱা বৰ্ষৰ জুনত ইজৰাইলে ইৰানত চলোৱা আক্ৰমণৰ সময়ত ইহুদি ৰাষ্ট্ৰখনত ১,৬০০টা গুৰুতৰ চাইবাৰ আক্রমণ চলোৱা হৈছিল। কিন্তু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা জুন পর্যন্ত যুদ্ধৰ সময়ছোৱাত ইৰানে ইজৰাইলত ৪,৮০০টা চাইবাৰ আক্ৰমণ চলালে।
ইৰানৰ চাইবাৰ আক্ৰমণকাৰীক অতি চতুৰ আৰু কৌশলগত বুলি স্বীকাৰ কৰি কাৰাডিয়ে কয় যে এই আক্রমণক গুৰুত্বসহকাৰে ল'বলৈ ইজৰাইল বাধ্য হৈছে। তেওঁ লগতে কয় যে চাইবাৰ আক্ৰমণৰ ক্ষেত্ৰত কোনো যুদ্ধ-বিৰতিয়েও কাম নকৰে। ইৰানে ইহুদি ৰাষ্ট্ৰখনৰ কৌশলগত আন্তঃগাঁথনি, কেন্দ্রীয় সংস্থাসমূহ, ক্ষুদ্র আৰু মজলীয়া ব্যাৱসায়িক প্ৰতিষ্ঠানৰ লগতে বিভিন্ন জনতাকো চাইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ফাইনেন্সিয়েল টাইমছৰ তথ্য অনুসৰি ইৰানৰ হেকাৰে এ আই সঁজুলি ব্যৱহাৰ কৰি অধিক কৌশলগতভাৱে শত্ৰু ৰাষ্ট্ৰ দুখনৰ বিৰুদ্ধে চাইবাৰ যুদ্ধ চলাই গৈছে। ইৰানে কেৱল চাইবাৰ আক্রমণেই নহয়, ইউ টিউবত এ আইৰ জৰিয়তে ইজৰাইল বিৰোধী প্রচাৰো চলাই গৈছে।
আনফালে, আমেৰিকাকো ঘোটে ঘোটে পানী খুৱাইছে ইৰানৰ হেকাৰে। আমেৰিকাৰ স্বাস্থ্য প্রযুক্তি ফার্মত ইৰানে চাইবাৰ আক্রমণ চলাই প্রায় ২ লাখ ছাৰ্ভাৰ বিকল কৰি দিয়ে। তদুপৰি, প্রায় ৫০ টেৰাবাইট তথ্যও ইৰানে চুৰ কৰে। আমেৰিকাৰ কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি খণ্ডতো ইৰানী হেকাৰৰ আক্ৰমণ অব্যাহত আছে। কিছুদিন পূর্বে আমেৰিকাৰ লছ এঞ্জেলছ মেট্ৰ' ব্যৱস্থা ইৰানৰ চাইবাৰ আক্ৰমণত বন্ধ কৰি দিবলগীয়া হৈছিল। মার্কিন সামৰিক বাহিনীৰ 'স্পে'ট ফ'ৰ্ট'ৰ ইনষ্টাগ্ৰাম একাউণ্টো ইৰানী হেকাৰৰ কবলত পৰিছে। ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড কর্পছৰ নেতৃত্বতেই এই চাইবাৰ আক্ৰমণ চলি থকা বুলি সূত্ৰত প্রকাশ।