ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে গৌৰৱৰ বতৰা। কেন্দ্রীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উজলি উঠিছে অসমৰ চাৰিগৰাকী সন্তান।
কালি কেন্দ্ৰীয় লোকসেৱা আয়োগে প্রকাশ কৰা ফলাফল অনুসৰি ১৮৭ সংখ্যক স্থানত অভিজ্ঞান খাউণ্ড, ৩০৩সংখ্যক স্থানত লিজা গার্গ, ৫৭০সংখ্যক স্থানত অভিজ্ঞান জ্যোতি বৰা আৰু ৭৭৭ সংখ্যক স্থানত উত্তীর্ণ হৈছে ভাস্বত শইকীয়া।
উল্লেখযোগ্য যে বিগত বর্ষত কেন্দ্রীয় লোকসেৱা আয়োগে অনুষ্ঠিতকৰা সৰ্বভাৰতীয় ভাৰতীয় বন সেৱাৰ পৰীক্ষাত উত্তীর্ণ হৈছিল অভিজ্ঞান খাউণ্ড। সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ ৪৮সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে ২০২০ চনত অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত (এ চি এছ) দহ সংখ্যক স্থান লাভ কৰি ৰাজ্য চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদত খাউণ্ডে কার্যনির্বাহ কৰিছিল।
গুৱাহাটীৰ নিৱাসী তথা শিলপুখুৰীৰ মহর্ষি বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্রহণ কৰি পৰৱৰ্তী সময়ত আই আই টি, গুৱাহাটীৰ পৰা বি টেক ডিগ্রী লাভ কৰা খাউণ্ডে কিছুদিন গুৰগাঁৱত এটা বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰিছিল। ভাৰতীয় বন সেৱাত যোগদান কৰাৰ পূৰ্বে তেওঁ অসমৰ ৰাজ ভৱনত কৰ্মৰত হৈ আছিল।
আনহাতে, ৩০৩সংখ্যক স্থান অধিকাৰ কৰা লিজা গাৰ্গৰ ঘৰ হৈছে গুৱাহাটীত। তেওঁ গুৱাহাটীৰ ডনবস্ক' আৰু ছেণ্টমেৰিজ স্কুলত অধ্যয়ন কৰিছিল। ড° সৰোজ ভট্টাচাৰ্য আৰু ড° কল্পনা শৰ্মাৰ কন্যা লিজাই এই পৰীক্ষাৰ বাবে যোৱা দুটা বছৰ ধৰি চেষ্টা চলাই আহিছিল।
ইফালে ৫৭০ সংখ্যক স্থান লাভকৰা যোৰহাটৰ অভিজ্ঞানজ্যোতি বৰা পেছাত এগৰাকী চিকিৎসক। ২০২৩ বৰ্ষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ এম বি বি এছ ডিগ্রী লাভকৰিছিল। একেদৰে, ৭৭৭ সংখ্যক স্থানত উজলি উঠা নগাঁৱৰ ভাস্বত শইকীয়াই বিগত বৰ্ষত ইউ পি এছ চিৰ চি এছ ই পৰীক্ষাত ৪৭৪ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।