৪ লাখ মহিলা-শিশুক দিব কাপোৰ

dainik janambhumi July 27, 2026

ডিজিটেল ডেস্ক : বিভিন্ন দল-সংগঠন, স্বেচ্ছাসেৱী, দাতব্য ন্যাস আৰু ব্যক্তিয়ে দিন-ৰাতি একাকাৰ কৰি বানপীড়িতসকলৰ কাষত থিয় দিয়াৰ সময়তে বানত সর্বস্বান্ত হোৱা ২ লাখ মহিলা আৰু ২ লাখ শিশুক বস্ত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্যিক বিজেপিয়ে। 

বানাক্রান্ত লোকসকলক সময়মতে খাদ্য, খোৱাপানী, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰিবলৈ বিভিন্নজনে নিৰন্তৰভাৱে কাম কৰি আছে। তেনে অৱস্থাতে বানাক্ৰান্তৰ মাজত কাপোৰৰ অভাৱৰ কথা লক্ষ্য ৰাখি দুই লাখ মহিলা আৰু ২ লাখ শিশুৰ মাজত কাপোৰ বিতৰণৰ বাবে অসম প্রদেশ বিজেপিয়ে দলীয় কৰ্মকৰ্তাৰ পৰা ১২ কোটি টকা সংগ্ৰহৰ লক্ষ্য নির্ধাৰণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বানপীড়িতৰ সহায়ৰ বাবে অসম প্রদেশ বিজেপিয়ে বিশেষ বস্ত্র সাহায্য অভিযান চলাব বুলি কালি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিত আক্রান্ত লোকসকলৰ সাহায্যৰ বাবে আগবাঢ়ি আহিছে অসম প্রদেশ বিজেপি। বানৰ দুর্ভোগ ভোগা ৰাইজৰ বাবে দলৰ সমৰ্থক আৰু কৰ্যকৰ্তাসকলৰ সহযোগিতাত এক বিশেষ বস্ত্র সাহায্য অভিযান আৰম্ভ কৰা হৈছে। 

মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়া মতে, এই অভিযানৰ মূল লক্ষ্য হৈছে বানত ক্ষতিগ্রস্ত পৰিয়ালৰ ২ লাখ মহিলা আৰু ২ লাখ শিশুৰ বাবে প্রয়োজনীয় কাপোৰ-কানি আগবঢ়োৱা। ইয়াৰ বাবে মুঠ ১২ কোটি টকা সংগ্ৰহৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। চাদৰ-মেখেলা, টি-ছার্ট, শিশুৰ কাপোৰ আদিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় বস্ত্র প্রদান কৰা হ'ব। এই উদ্দেশ্যে সংগ্রহ কৰিবলগীয়া ধনৰাশি কেনেদৰে গ্ৰহণ কৰা হ'ব তাকো প্রকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২ হাজাৰ টকাৰ তলৰ ধনৰাশি স্থানীয় বিধায়কৰ হাতত জমা দিব পাৰিব। ২ হাজাৰ টকাৰ ওপৰৰ ধনৰাশি প্রদেশ বিজেপিৰ বেংক একাউন্ট 20282647944 IFSC-ID1000L518. Bank Name-In-dian Bank, Branch-Lakhtokiaত জমা দিব পাৰিব। 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো দলৰ প্ৰতিজন কাৰ্যকৰ্তাক এই বিপৰ্যয়ৰ সময়ত দুর্দশাগ্রস্ত ৰাইজৰ কাষত থিয় হ'বলৈ আৰু মুক্তহস্তে সহায়-সহযোগিতা আগবঢ়াবলৈ আন্তৰিক আহ্বান জনাইছে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানে গৰকা জিলাসমূহৰ পৰিৱেশ এতিয়াও অবর্ণনীয় হৈয়েই আছে। ৰাজ্যখনৰ ২৫খন জিলা বানৰ কবলত পৰিছে যদিও উজনি অসমৰ বিশেষকৈ তিনিখন জিলাত বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পৰা ৰাইজ এতিয়াও মুক্ত হ'ব পৰা নাই। বানত মৃত্যুৰ সংখ্যা ৬৬গৰাকীলৈ বৃদ্ধি হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত দিয়া তথ্য মতে, এতিয়াও ৮গৰাকী লোক সন্ধানহীন হৈয়ে আছে। ৰাজ্যত বানে সৃষ্টি কৰা ভয়াৱহতাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰী কৰা তথ্যত স্পষ্ট হৈ পৰিছে। 

ড° শৰ্মাই সামাজিক মাধ্যমত প্রকাশ কৰা এক শেহতীয়া তথ্য অনুসৰি, বানত ৰাজ্যৰ ২৫খন জিলা প্ৰভাৱিত হৈছে। এই জিলাসমূহ ক্রমে গোৱালপাৰা, কাছাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ, চৰাইদেউ, নলবাৰী, বজালী, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বাক্সা, শিৱসাগৰ, দৰং, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, গোলাঘাট, নগাঁও, কার্বি আংলং, কামৰূপ, কামৰূপ (মহানগৰ), হোজাই। বানৰ কবলত পৰা ৰাজহ চক্র ৭৭টা, প্ৰভাৱিত গাঁও ২,১২৯খন। এই বানত ক্ষতিগ্রস্ত ১১,২৬,৪২০ গৰাকী বানাক্ৰান্তৰ বাবে ১৭৬টা সাহায্য শিবিৰ খোলা হৈছে আৰু এই শিবিৰত ৪৫,৬৯৩গৰাকীয়ে আশ্রয় গ্রহণ কৰিছে। ১,৪১৬টা কেন্দ্ৰৰ পৰা সাহায্য বিতৰণ কৰি থকা হৈছে। 

গুৱাহাটীৰ বানত মৃত্যু হোৱা এজন লোককে ধৰি মৃতকৰ সংখ্যা ৬৬গৰাকীলৈ বৃদ্ধি হৈছে। এতিয়াও ৮গৰাকী লোক নিৰুদ্দেশ হৈ আছে। এই বানত ৪২৫টা ঘৰ সম্পূৰ্ণভাৱে, ৩৫৫০টা ঘৰ আংশিকভাৱে ক্ষতিগ্রস্ত হৈছে। ২৯,৯২৩গৰাকী লোকক উদ্ধাৰ কৰা হয়।

Share This