আজিৰ সম্পাদকীয়, প্রকৃতি আৰু প্ৰলয়

dainik janambhumi July 27, 2026

ডিজিটেল ডেস্ক : উজনিৰ শেহতীয়া বানে সৃষ্টি কৰিলে এক ভয়ংকৰ দুর্যোগ। বিশেষকৈ প্রায় কোনোদিনে বানৰ মুখামুখি নোহোৱা একাংশ লোক এই প্রথমবাৰৰ বাবে মুখামুখি হৈছে এক সুকীয়া প্ৰলয়ৰ। বতৰ, বৰষুণৰ অস্বাভাৱিক পৰিৱৰ্তন, নদীৰ অবিশ্বাসযোগ্য, অকল্পনীয় আৰু আকস্মিকভাৱে সলনি হোৱা গতি-বিধিয়ে মানুহখিনিক বাৰুকৈয়ে কষ্ট দিছে। বিপদ পাছে আঁতৰা নাই। বতৰ বিজ্ঞানীসকলে সতর্কবাণী শুনাইছে, উত্তৰ-পূবত আৰু কিছুদিনলৈ বৃষ্টিপাত অব্যাহত থাকিব। তেওঁলোকে জনোৱা মতে, এই বাৰ অৰুণাচলত অস্বাভাৱিকভাৱে বৰষুণ হৈছে। 

মন কৰিবলগীয়া যে অৰুণাচলৰ পাচিঘাটত বিগত ২৮-২৯ জুনত ২২২.৮ মিঃমিঃ বৃষ্টিপাত হোৱাৰ তথ্য নথিভুক্ত হৈছে। পূব চিয়াঙত মাত্র ৪৮ ঘণ্টাতেই অভূতপূৰ্ব বৰষুণে অৰুণাচলত কি পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেয়া সকলোৰে জ্ঞাত। অনুৰূপ ঘটনা শেহতীয়াকৈ বৈ অহা পানীৰ ক্ষেত্ৰত হৈছে। নগালেণ্ডৰ ছামাটোৰ, মোককচাং, জুনহেবোটা, লংলে, ওখা, মন আদি জিলাত হোৱা অতিপাত বৰষুণৰ ফল ভুগিব লগা হৈছে শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ বাসিন্দাই। দিখৌ, দিচাং, দৰিকা, জাঁজী, ভোগদৈ আদি নদী আকস্মিকভাৱে নগা পাহাৰৰ পানীৰে ওফন্দি সৃষ্টি কৰিলে মহা প্রলয়ৰ। কাহানিও নেদেখা বানেৰে মুখামুখি হ'ল অঞ্চলটোৰ ৰাইজ।

এনেকুৱা সময়তে কিছুমান প্রশ্ন-সংশয় স্বাভাৱিক ৰূপতে ৰাইজৰ মনত উদয় হৈছে। নদীৰ ইতিহাসত সম্ভৱতঃ শিৱসাগৰ জিলাত প্ৰথমবাৰৰ বাবে দিখৌ নদীৰ বাঢ়নী পানীৰ কালৰূপ দেখি মানুহৰ মনত জাগ্ৰত হৈছে ৰমণী আলি, ধোদৰ আলি, বৰআলি সামৰি নিতৌ চলি থকা শশ ডাম্পাৰত কি সামগ্ৰী সৰবৰাহ হয়? বন বিষয়া, আৰক্ষী, ব্যৱসায়ীৰ পোছাক পিন্ধা এচাম অতি লুভীয়া আৰু দগাবাজ মানুহে প্ৰকৃতিৰ বুকুত উদং কৰি নিৰন্তৰ চলোৱা অত্যাচাৰৰ ফল এই দুর্যোগ নহয়নে? এই কথা অপ্রিয় হ'লেও সত্য যে সকলো নীতি-নিয়ম জলাঞ্জলি দি দিখৌ নদীত শিলৰ খনন চলে। আৰু এই খননৰ পৰিণতিত নদীখনৰ গতিপথত পানীৰ সন্তুলন হেৰাই গৈছে। নদীৰ আৰম্ভণিৰ শিলসমূহ আছিল দিখৌ নদীৰ প্রাকৃতিকভাৱেই এক মন্থৰতাৰ কাৰক, এক 'ব্রেক'। কিন্তু এই নদীৰ শিলবোৰ ভয়ংকৰ হাৰত তথা অবৈজ্ঞানিকভাৱে তুলি নিয়াৰ বাবে নদীখনে নিজৰ গভীৰতা হেৰুৱাই বহল আৰু তৰাং হৈ পৰিল, যাৰ ফলত এই বৰষুণতে এক বিশাল অঞ্চলৰ মানুহ ভয়ানক জলপ্ৰলয়ৰ মুখামুখি হ'ল। প্ৰসংগতে উল্লেখযোগ্য যে বিহুবৰৰ শৈল খনন আৰু বালিৰ খননে পৰিৱেশ সচেতন মানুহখিনিক দীর্ঘদিন ধৰি চিন্তিত কৰি আহিছিল। কিন্তু প্রভাৱশালী তথা বাহুবলী আৰু অশিষ্ট মানুহখিনিৰ মুখামুখি হ'বলৈ স্বাভাৱিকতেই শিষ্ট, সভ্য, ভদ্র মানুহখিনিয়ে ইচ্ছা নকৰিছিল। আৰু এনে প্রশ্ৰয়ৰ পৰিণতিয়েই সাম্প্রতিক দুর্যোগ নেকি বুলি এতিয়া ৰাইজৰ মনত প্রশ্ন জাগিছে।

একে সময়তে সংশয় ভৰা প্রশ্ন জাগিছে নগালেণ্ডৰ প্ৰস্তাৱিত দিখু জলবিদ্যুৎ প্রকল্পক লৈয়ো। আনুষ্ঠানিক কোনো ঘোষণাৰ কথা এতিয়াও জানিব পৰা নহ'লেও বিভিন্ন সূত্ৰৰ বাতৰি মতে, চুবুৰীয়া নগালেণ্ডে দিখৌ নদীৰ ওপৰত দিখু জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ এক পৰিকল্পনা লৈছে। অহা ৫ বছৰৰ ভিতৰত এই প্রকল্প যদিহে নির্মাণ হৈ উঠে তেনেহ'লে অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলা একো একোখন 'জলবোমা'ত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। একেদৰে এই জলপ্ৰলয়ৰ আঁৰত নগালেণ্ডৰ মন জিলাত চলা কয়লাৰ অবৈধ খননৰ নামত পাহাৰ ধ্বংসৰ প্ৰভাৱৰ কথাও পৰিৱেশ সচেতন ব্যক্তিসকলে সংশয়ৰে সৈতে উল্লেখ কৰিছে। উল্লেখযোগ্য যে বিগত দিনবোৰত উন্নয়ন আৰু 'মুনাফা'ৰ বাবে নগালেণ্ডৰ মন জিলাত কয়লা খননৰ বাবে পাহাৰসমূহৰ গছ-গছনি ভয়ানকভাৱে কাটি ধ্বংস কৰি পেলোৱা। ফলত প্রচণ্ড বৰষুণে ভয়াৱহ ৰূপ ধাৰণ কৰি আকস্মিক বানৰ সৃষ্টি কৰিলে।

কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ কথাটো হ'ল নদীৰ শিল-বালি খনন, পাহাৰৰ কয়লা লুণ্ঠন, প্ৰকৃতিৰ স্বাভাৱিক গতিত বিধি-পথালি দিয়া এই সকলো কাম কৰে প্ৰভাৱশালী, অৰ্থৱান মানুহ এচামে। তেওঁলোকে অর্থ ঘটে আৰু বন্ধকত থয় সাধাৰণ মানুহৰ জীৱন। যি সময়ত কোনোদিনে দিখৌৰ পৰা এটুকুৰাও শিল নোতোলা, পাহাৰ খান্দি এচপৰা কয়লা নুলিওৱা, এজোপা গছ নকটা মানুহ এজন পানীত ককবকাই আছে, সেই সময়ত এই সমস্ত লুণ্ঠন আৰু প্ৰকৃতিক ধৰ্ষণকাৰীকেইজন কোনোবা শীততাপ নিয়ন্ত্রিত কোঠাত বহি টেলিভিছনৰ পৰ্দাত বানপানী দুৰ্গত ৰাইজৰ ছবি চাই আছে।

এনে সময়ত চৰকাৰৰ দায়িত্ব হ'ল এই সাম্প্ৰতিক প্ৰলয়ৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰি ৰাইজৰ প্ৰশ্ন আৰু সংশয়সমূহ নিবাৰণ কৰা। জনসাধাৰণক এক নিৰাপদ জীৱন দিয়াটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব। চৰকাৰে মনত ৰখা ভাল বিনাশৰ কাৰণ হোৱা বিকাশ কেতিয়াও কোনো কাৰণতে গ্রহণযোগ্য হ'ব নোৱাৰে। সময় আৰু প্ৰকৃতিয়ে কাকো ৰেহাই নিদিয়ে।

Share This