ডিজিটেল ডেস্ক : ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে দায়িত্ব লোৱাৰ পাছতে পুনৰ দুই লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা কৰিছিল। ইতিমধ্যে এই নিযুক্তি প্রক্রিয়াও আৰম্ভ হৈছে। কিন্তু তাৰ সমান্তৰালভাৱে ৰাজ্যত পুনৰ নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক পৰ্যায়ৰ বিশেষ টে'ট (অসম শিক্ষক যোগ্যতা পৰীক্ষা) অনুষ্ঠিত কৰাৰ আয়োজন চলিছে। অহা ২৮ জুনত ৰাজ্যত চাৰিটা ভাষাৰ শিক্ষকৰ বাবে বিশেষ টে'ট পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰে এই পৰীক্ষাৰ বাবে যাৱতীয় প্রস্তুতিও প্রায় সম্পূর্ণ কৰিছে।
লক্ষণীয় যে চলিত বৰ্ষৰ ৬ জানুৱাৰীত শিক্ষা বিভাগে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক পর্যায়ত বিশেষ টে'টৰ বিজ্ঞাপন জাৰি কৰিছিল। এই টেট কেৱল বড়ো, গাড়ো, মণিপুৰী আৰু মাৰ মাধ্যমৰ (ভাষাৰ) শিক্ষক পদৰ বাবে অনুষ্ঠিত হ'ব। আনহাতে, অহা ১২ জুনৰ পুৱা ১১ বজাৰ পৰা পৰীক্ষার্থীসকলে প্রৱেশ-পত্র (এডমিট কার্ড) সংগ্ৰহ কৰিব পাৰিব। www.sebaonline.org বে'বছাইটত এডমিট কার্ড ডাউনলোড কৰাৰ সুবিধা উপলব্ধ হ'ব। প্ৰ-পত্ৰ পূৰণ কৰাৰ সময়ত ব্যৱহাৰ কৰা 'এপ্লিকেশ্যন নং' আৰু 'পাছৱৰ্ড' ব্যৱহাৰ কৰি প্ৰাৰ্থীসকলে এডমিট কার্ড ডাউনলোড কৰিব পাৰিব।
আনহাতে পৰীক্ষা হলৰ ভিতৰলৈ কেৱল এডমিট কাৰ্ড, পৰিচয়ৰ প্ৰমাণ আৰু নীলা বা ক'লা ৰঙৰ বল পইন্ট পেন, পেঞ্চিল, স্কেল, ইৰেজাৰ, লেবেল নথকা স্বচ্ছ পানীৰ বটল, এখন ৰুমাল, ডেবিট কার্ড/ক্রেডিট কার্ড (এখনতকৈ অধিক নহয়), ড্রাইভিং লাইচেন্স আৰু ন্যূনতম পৰিমাণৰ নগদ ধনহে লৈ যাবলৈ অনুমতি লাভ কৰিব।