'অপাৰেশ্যন সেন্দূৰ'ক লৈ প্রধানমন্ত্রীলৈ কংগ্ৰেছৰ ৪টা প্রশ্ন

dainik janambhumi June 12, 2025

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক চাৰিটা প্রশ্ন কৰে। এই প্রশ্নবোৰৰ ভিতৰত সৰ্বদলীয় বৈঠকৰ আয়োজন, অপাৰেশ্যন সেন্দূৰৰ সন্দর্ভত পর্যালোচনা সমিতি গঠন, সংসদৰ বর্ষাকালীন অধিৱেশনত চীন আৰু পাকিস্তান সন্দর্ভত সম্পূর্ণ দুদিন বিতৰ্ক তথা পহলগামৰ আক্রমণত জড়িত সন্ত্রাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ কৰা প্ৰচেষ্টা বিষয়ক প্রশ্ন। 

ৰমেশে কয়, '৩২খন দেশৰ ভ্ৰমণৰ পৰা উভতি অহা ৫১জন সাংসদৰ ৭টা প্রতিনিধি দলক প্রধানমন্ত্রীয়ে সাক্ষাৎ কৰা সজ কথা। এয়া তেওঁৰ বিশেষাধিকাৰ আৰু কোনো আশ্চর্যজনক কথা নহয়। কিন্তু আমাৰ মাত্ৰ চাৰিটা সহজ প্রশ্ন আছে। আমি বিচাৰিছোঁ প্ৰধানমন্ত্ৰীয়ে এই প্রশ্নসমূহৰ উত্তৰ দিয়ক।

প্ৰধানমন্ত্ৰীলৈ কংগ্ৰেছৰ ৪টা প্রশ্ন: প্রথম প্রশ্ন) প্রধানমন্ত্রীয়ে সর্বদলীয় বৈঠকৰ অধ্যক্ষতা কেতিয়া কৰিব? দলবোৰৰ সাংসদক নহয়, নেতাসকলক কেতিয়া সাক্ষাৎ কৰিব? পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত দেখা দিয়া অভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষাৰ প্ৰত্যাহ্বান বিষয়ত এই নেতাসকলক কেতিয়া বিশ্বাসত ল'ব? দ্বিতীয় প্রশ্ন) কার্গিল যুদ্ধৰ পাছত আমি এক কার্গিল পর্যালোচনা সমিতি গঠন কৰিছিলোঁ। অপাৰেশ্যন সেন্দূৰৰ বিষয়ে বিস্তৃতভাৱে বিশ্লেষণ কৰিবলৈ আৰু ভৱিষ্যতৰ যুদ্ধৰ বাবে পৰামৰ্শ দিবলৈ তেনে পর্যালোচনা সমিতি গঠন কৰা হ'ব নেকি? তেনে সমিতিৰ প্ৰতিবেদন উপযুক্ত সম্পাদনাৰ পাছত সংসদত দাখিল কৰা হ'ব নেকি, যিদৰে কার্গিল পর্যালোচনা সমিতিৰ প্রতিবেদন ২০০০ চনৰ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হৈছিল? 

তৃতীয় প্রশ্ন) সংসদৰ বর্ষাকালীন অধিৱেশনত প্রধানমন্ত্রীয়ে অভ্যন্তৰীণ-বহিঃ সুৰক্ষা, চীন-পাকিস্তান, নতুন প্রযুক্তিৰ প্ৰত্যাহ্বান, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে বাৰে বাৰে কৰা দাবী (যুদ্ধ-বিৰতিত মধ্যস্থতা)ৰ দৰে প্ৰত্যাহ্বানৰ বিষয়ে সম্পূর্ণ দুদিন বিতৰ্কৰ অনুমতি দিবনে? চতুর্থ প্রশ্ন) পহলগাম আক্ৰমণ কৰা সন্ত্রাসবাদী এতিয়াও মুক্ত। সিহঁতক ন্যায়ৰ কাঠগৰালৈ অনা হোৱা নাই। সিহঁত ২০২৩-ৰ ডিচেম্বৰৰ পুঞ্চ আক্ৰমণত জড়িত আছিল। সিহঁত ২০২৪-ৰ অক্টোবৰৰ গগনগীৰ আৰু গুলমার্গ আক্ৰমণত জড়িত আছিল। এই বিষয়ে প্রতিবেদন আছে, যাক খণ্ডন কৰিব নোৱৰি। এই পহলগাম আক্ৰমণৰ দায়ী সন্ত্রাসবাদীক কেতিয়া ন্যায়ৰ কাঠগৰালৈ অনা হ'ব?

Share This