ডিজিটেল ডেস্ক : বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ চলোৱা এটা প্রচেষ্টা বৃহস্পতিবাৰে ব্যৰ্থ কৰে দেশৰ আৰক্ষীয়ে। দিল্লীত বৃহস্পতিবাৰে সংঘটিত হয় আৰক্ষী আৰু কুখ্যাত অপৰাধীৰে এটা মুখামুখি সংঘর্ষ। দিল্লী আৰু বিহাৰ আৰক্ষীৰ গুলীত নিহত হয় বিহাৰৰ সীতামড়ি জিলাৰ ছিগমা গেঙৰ ৪টা দুর্ধর্ষ অপৰাধী। এই সংঘৰ্ষত 'ম'ষ্ট ৱান্টেড' অপৰাধী ৰঞ্জন পাঠকো নিহত হয় বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ সূত্রই প্রকাশ কৰা তথ্য অনুসৰি, দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যৌথ অভিযানত দিল্লীৰ ৰোহিণীৰ বাহাদুৰ শ্বাহ মার্গত সংঘটিত সংঘৰ্ষত বিহাৰৰ চাৰিটা 'ম'ষ্ট ৱান্টেড' গেংষ্টাৰে প্ৰাণ হেৰুৱায়। পুৱা ২.২০ বজাত চাৰি অভিযুক্ত আৰু দিল্লী আৰক্ষী অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যুটীয়া দলৰ মাজত হোৱা গুলীচালনাত নিহত হয় ক্রমে ৰঞ্জন পাঠক (২৫), বিমলেশ মাহাতো (২৫), মনীষ পাঠক (৩৩) আৰু অমন ঠাকুৰ (২১)। ৰঞ্জন পাঠক, বিমলেশ মহতো আৰু মনীষ পাঠক বিহাৰৰ সীতামড়িৰ বাসিন্দা আছিল আৰু অমন ঠাকুৰ আছিল দিল্লীৰ কৰৱাল নগৰৰ। জানিব পৰা মতে, সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ অপৰাধমূলক অভিযানৰ পৰিকল্পনা কৰিছিল গেংটোৰ সদস্যসকলে। আৰক্ষীৰ সূত্রই কয় যে ৰঞ্জন পাঠকে নিৰ্বাচনৰ পূৰ্বে বিহাৰক অশান্ত কৰাৰ ষড়যন্ত্র এটা অডিঅ' ক্লিপত প্রকাশ হৈছে। মৃত চাৰিওজন অপৰাধীৰ বিৰুদ্ধে বিহাৰত হত্যা আৰু অস্ত্ৰধাৰী ডকাইতিকে ধৰি কেইবাটাও গোচৰ ৰুজু আছিল আৰু অভিযুক্তকেইটাই ৫টা চুপাৰি হত্যা, ২টা বলপূর্বক ধন দাবীৰ গোচৰত জড়িত আছিল। এই গেঙটোৰ নেপাল অপৰাধীৰ লগতো সম্পর্ক আছিল।
দিল্লী আৰক্ষীৰ (অপৰাধ শাখা) সঞ্জীৱ যাদৱে সদৰী কৰা তথ্য অনুসৰি, দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষী যৌথ দলে অঞ্চলটোত ফান্দ পাতিছিল। আৰক্ষীৰ দলটোৱে যেতিয়া সন্দেহজনক লোকক বাধা দিবলৈ চেষ্টা কৰে, তেতিয়া ৪ অপৰাধীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীচালনাত চাৰিওজন অভিযুক্ত আহত হয়। তেওঁলোকক ততাতৈয়াকে ৰোহিণীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।