ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ অনুসৰি ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত শিক্ষক-শিক্ষার্থীয়ে যি দোদুল্যমান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল, সেই পৰিৱেশৰ পৰা পৰিত্ৰাণ দিবলৈ চেষ্টা চলাইছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম অন্ত পৰাৰ পাছত চতুৰ্থ বৰ্ষটোত কেনেদৰে পাঠদান হ'ব সেই লৈ গুৱাহাটী বিশ্ববিদ্যালয়ে প্রস্তুত কৰা গাইড লাইন কালি মুকলি কৰি শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে শিক্ষক-শিক্ষার্থীৰ মনত উদয় হোৱা সন্দেহ দূৰ কৰাৰ প্ৰচেষ্টা চলায়। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ গাইড লাইন মুকলি কৰাৰ পাছত শিক্ষা মন্ত্রী ডাঃ পেগুৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম অগ্রণী ৰাজ্য।
চাৰি বছৰীয়া ডিগ্রী পাঠ্যক্রম বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আৰম্ভ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ চতুৰ্থ বৰ্ষটোত ভৰি দিছে। চাৰিবছৰীয়া ডিগ্রী পাঠ্যক্রম নতুন। মন্ত্রী ডাঃ পেগুৱে কয় যে ছাত্র-ছাত্রীসকলে ইতিমধ্যে ডিগ্ৰীৰ তিনিটা বছৰ অৰ্থাৎ ছয়টা ছেমিষ্টাৰ সমাপ্ত কৰিলে। তেওঁলোকৰ বাবে চতুর্থ বর্ষটো হ'ব ডিগ্রী উইথ অনাৰ্ছ বা ডিগ্রী উইথ ৰিছাৰ্চ। চতুর্থ বর্ষটোক লৈ শিক্ষার্থীসকল সন্দিহান হৈ আছিল, শিক্ষক সমাজৰ মনতো বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছিল। এই বিষয়টোক লৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ লগত শিক্ষা মন্ত্ৰীৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি ডাঃ পেগুৱে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ে ডিগ্ৰীৰ চতুৰ্থ বৰ্ষটোৰ বাবে খৰতকীয়াকৈ সম্পূর্ণ গাইড লাইন প্রস্তুত কৰিলে। কালি সেই গাইড লাইন মুকলি কৰা হ'ল। গাইড লাইন শিথিলতাৰে প্ৰস্তুত কৰা হৈছে। এজন শিক্ষার্থীয়ে স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পাছতহে গৱেষণাৰ দ্বাৰা পি এইচ ডি কৰাৰ সুবিধা লাভ কৰিছিল। এতিয়া স্নাতক ডিগ্ৰীৰ পাছতে গৱেষণাৰ সুবিধা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দিছে। মহাবিদ্যালয়সমূহত থকা ফেকাল্টীসকলৰ মাজৰ পৰা বিশ্ববিদ্যালয়ে গৱেষণাৰ গাইডক চিনাক্ত কৰি জাননী প্ৰকাশ কৰিব। বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ অৰ্হতা সম্পন্ন ফেকাল্টী নাই, তেওঁলোকৰ মাজত অৰ্হতা আয়ত্ত কৰাৰ প্ৰচেষ্টা থাকিব লাগিব বুলিও মন্ত্রী ডাঃ পেগুৱে কয়।
চতুর্থ বর্ষটোক লৈ ছাত্র-ছাত্রীসকল যি দোদুল্যমান অৱস্থাত আছিল, সেই অৱস্থা আজিৰ পৰা অৱসান ঘটিল বুলিও তেওঁ কয়। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ অভাৱত বিদ্যালয় বন্ধ কৰি দিবলগীয়া পৰিস্থিতি উদ্ভৱ হোৱাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি বৃদ্ধি হোৱাৰ লগতে নতুন নতুন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন হোৱাৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত সংবাদ মাধ্যমৰ আগত শিক্ষা মন্ত্রী ডাঃ পেগুৱে উষ্মাৰে কয় যে ব্যক্তিগত খণ্ডই ২.৫ লাখ শিক্ষার্থীক পঢ়ুৱায়, চৰকাৰী বিদ্যালয়ত ৫০ লাখ শিক্ষার্থীক পঢ়ুওৱা হয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষার্থীয়ে টিফিন লৈ যায়, চৰকাৰে মধ্যাহ্ন ভোজন দিয়ে। শিক্ষাৰ্থীক চৰকাৰে ইউনিফর্মো দিয়ে। আহি থকা দিনত চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাব বুলিও শিক্ষা মন্ত্রী ডাঃ পেগুৱে দাবী কৰে।