ডিজিটেল ডেস্ক : ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনি চুবুৰীয়া চীনে বাংলাদেশক ২০খন যুঁজাৰু বিমান যোগান ধৰাৰ পৰিকল্পনা কৰিছে। চীনত নির্মিত জে-১০ চিই বহুধা শক্তিসম্পন্ন যুঁজাৰু বিমান ক্ৰয়ৰ প্ৰস্তুতি চলাইছে চুবুৰীয়া বাংলাদেশে। ইতিমধ্যে ভাৰতৰ শত্রুদেশ পাকিস্তানৰে সামৰিক মিতিৰালি কৰা বাংলাদেশে এতিয়া চীনৰ পৰা অস্ত্র-শস্ত্ৰ ক্ৰয় কৰাৰ বাবে প্রস্তুতি চলোৱাটো ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে এই প্রস্তাৱিত অস্ত্ৰ চুক্তিক এই হিচাপে গণ্য কৰিছে যে চীনে ইয়াৰ সামৰিক শক্তিক দক্ষিণ এছিয়াত বিস্তাৰ কৰিব বিচাৰিছে। চীন-বাংলাদেশৰ প্ৰস্তাৱিত ২২০ কোটি ডলাৰৰ এই সামৰিক চুক্তিখনৰ জৰিয়তে চীনে বাংলাদেশক ২০খন জে-১০ চি ই যুঁজাৰু বিমান দিয়াৰ লগতে প্রশিক্ষণ, লজিষ্টিক আৰু দীর্ঘম্যাদৰ বাবে চোৱাচিতাৰ কাম বহন কৰিব।
উল্লেখযোগ্য যে ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ ক্ষমতাচ্যুত হোৱাৰ পাছত দেশখনৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈছিল আৰু মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰে দায়িত্ব লৈছিল। অন্তৰ্ৱতী চৰকাৰৰ শাসনৰ সময়তে ইউনুছে চীনৰ সৈতে সামৰিক সহযোগিতা বৃদ্ধি কৰিছিল। আনহাতে, তাৰেক ৰহমানৰ নেতৃত্বত বি এম পি চৰকাৰখনে এই সামৰিক সহযোগিতাক নতুন মাত্রা দি চীনৰ পৰা এই যুঁজাৰু বিমান ক্রয়ৰ প্ৰস্তাৱ দিছে বাংলাদেশে। বাংলাদেশক তাৎক্ষণিকভাৱে কোনো বিত্তীয় বোজা নিদিয়াকৈ দেশখনৰ বিমান ঘাটিসমূহ উন্নীত কৰাৰ বাবে ঢাকাক সময় প্রদান কৰি চীনে ২০২৬-২৭ চনৰ ভিতৰত এই বিমানসমূহ ডেলিভাৰী দিয়াৰ পৰিকল্পনা কৰিছে। উল্লেখযোগ্য যে এই জে-১০চি ই যুঁজাৰু বিমান ৪.৫ প্ৰজন্মৰ বায়ু সেনাৰ শক্তি। ইয়াত আছে আধুনিক ৰাডাৰ পদ্ধতি, দৃশ্যমান পৰিসৰৰ বাহিৰৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপৰ ক্ষমতা আৰু ডিজিটেল যুদ্ধ নেটৱৰ্ক সক্ষমতা। এই যুঁজাৰু বিমানখন পাকিস্তানে 'অপাৰেশ্যন সেন্দূৰ'ত ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। আনহাতে, পাকিস্তান আৰু চীনে দাবী কৰিছিল যে এই জে-১০চি ইয়ে ভাৰতৰ ৰাফেল যুঁজাৰু বিমান ধ্বংস কৰিছিল। ২০খন যুঁজাৰু বিমানৰ বাবে বাংলাদেশে ১০ বছৰত কিস্তি হিচাপত চীনক ধন আদায় দিব।
ইফালে, পূর্বতে যুদ্ধত পাকিস্তানে ব্যৱহাৰ কৰা যুঁজাৰু বিমানখনকে বাংলাদেশেও ক্ৰয় কৰিব বিচৰাত ভাৰতৰ উদ্বেগ বৃদ্ধি হৈছে। চীনৰ নেতৃত্বত ভাৰতৰ ভূমিক চাৰিওফালৰ পৰা ঘেৰি ধৰাৰ অভিযান আৰম্ভ হৈছে। ভৌগোলিক দিশ হিচাপে বাংলাদেশ ভাৰতৰ বাবে সংবেদনশীল হৈ আছে। ভাৰতৰ উত্তৰ-পূর্বাঞ্চলক সংযোগ কৰা শিলিগুড়ি কৰিডৰ 'চিকেন নেক' কৌশলগতভাৱে স্পৰ্শকাতৰ, কাৰণ ই বাংলাদেশ সীমান্তৰ সমীপত। সেইবাবে ভাৰতৰ বায়ু সেনায়ো ইয়াৰ বিমান ঘাটিবোৰ সক্ৰিয় কৰি তুলিছে।