ছুইজাৰলেণ্ডত অগ্নিদগ্ধ হৈ ৪০জনৰ মৃত্যু, নৱবৰ্ষৰ অনুষ্ঠানৰ মাজতে কৰুণ ঘটনা

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক : ছুইজাৰলেণ্ডৰ ক্ৰাঁ মোণ্টানাত এক বৃহৎ অগ্নিকাণ্ডত কেইবাজনো লোকৰ মৃত্যু হয় আৰু শতাধিক লোক আহত হয়। নৱবৰ্ষ উদযাপনৰ সময়তে আল্লছ পর্বতমালাত থকা স্কী বিনোদনৰ নগৰ ক্ৰাঁ মোণ্টানাৰ লা কষ্টালেশ্যন বাৰত উক্ত অগ্নিকাণ্ড সংঘটিত হয়। ছুইজাৰলেণ্ডৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এই কথা জনায়। 

আৰক্ষীয়ে স্পষ্ট কৰে যে উক্ত ঘটনাটো সন্ত্রাসবাদী আক্রমণ নহয়, অগ্নিকাণ্ডৰ ঘটনাহে। ইফালে ইটালিৰ বিদেশ মন্ত্র্যালয়ে এটা বিবৃতিত ছুইজাৰলেণ্ডৰ আৰক্ষীয়ে কয় যে প্রায় ৪০জন লোকৰ মৃত্যু হৈছে আৰু ১০০জন আহত হৈছে। পৰ্যটনৰ অতি পচন্দৰ কষ্টালেশ্যন বাৰত স্থানীয় সময়মতে পিছ নিশা ১-৩০ বজাত (০০-৩০ জি এম টি) এই অগ্নিকাণ্ডৰ সূত্রপাত হয়। এটা বিস্ফোৰণ অগ্নিকাণ্ডৰ কাৰণ বুলি প্ৰথমতে খবৰ প্ৰকাশ পাইছিল যদিও এই কথা অস্পষ্ট হৈয়ে আছে। 

এই অগ্নিকাণ্ডত পীড়িত গৰিষ্ঠসংখ্যকেই পর্যটক বুলি ভবা হৈছে। ইফালে ভিডিঅ' ফুটেজবোৰত এম্বুলেঞ্চৰ শাৰী আৰু পীড়িতসকলক ওচৰৰ চিকিৎসালয় তথা ছুইজাৰলেণ্ডৰ অন্য মহানগৰৰ 'স্পেচিয়েল বার্ন ইউনিট 'লৈ যাবলৈ হেলিকপ্টাৰ অৱতৰণ কৰা দেখা গৈছে। ফ্ৰান্সৰ দুগৰাকী যুৱতীয়ে জানিবলৈ দিয়া মতে, 'বার্থডে' কেন্দেল' থকা এটা বটল কাঠৰ চিলিঙৰ ওচৰত ধৰি থকাৰ পাছতে ক্লাবৰ বে'ছমেন্ট অংশত অগ্নিকাণ্ডৰ সূত্রপাত হয়।

Share This