ইউক্ৰেইনৰ সৰ্ববৃহৎ ড্ৰʼন আক্ৰমণত বিধ্বস্ত ৰাছিয়াৰ ৪০ খন যুদ্ধ বিমান

dainik janambhumi June 02, 2025

ডিজিটেল ডেস্কঃ ইউক্রেইনে ৰাছিয়াত দেওবাৰে আটাইতকৈ ভয়াৱহ আক্ৰমণ কৰে। ৰাছিয়াৰ ভিতৰুৱা অঞ্চলত থকা বায়ু সেনাৰ চাৰিটা ঘাটিত ইউক্রেইনে ড্ৰ'নেৰে কৰা আটাইতকৈ 'ভয়াৱহ আক্রমণটোত অত্যাধুনিক তথা অতি শক্তিশালী ৪০ খনতকৈ অধিক যুঁজাৰু বিমান বিধ্বস্ত হয়। 

ৰাছিয়াই এই বিমান ঘাটিসমূহৰ পৰা ইউক্রেইনত অহৰহ আক্ৰমণ কৰি আহিছে। ইউক্রেইনৰ আক্ৰমণৰ প্ৰধান লক্ষ্য আছিল ৰাছিয়ান বায়ু সেনাৰ প্ৰধান ঘাটি বেলায়া আৰু ওলেন্যা। ইউক্রেইনৰ চোৰাংচোৱা সংস্থা এছ বি ইউ বি ইউৰ উদ্ধৃতি দি বাতৰি প্ৰতিষ্ঠান ৰয়টাৰে এই কথা প্রকাশ কৰে। ৰয়টাৰৰ বাতৰিটোত কোৱা হৈছে যে ইউক্রেইনে আজি ৰাছিয়াৰ ৪০ খনততৈ অধিক যুঁজাৰু বিমানক লক্ষ্য কৰি ড্ৰ'নেৰে আক্ৰমণ চলায়। এছ বি ইউৱে তৰা দাবী মতে, ইউক্রেইনৰ ড্ৰ'ন আক্ৰমণত ৰাছিয়াৰ টিইউ-৯৫, টিইউ-২২এম-৩ আৰু এ-৫০ৰ দৰে শক্তিশালী তথা আক্ৰমণাত্মক যুঁজাৰু বিমান বিধ্বস্ত হয়। 

ইউক্রেইনৰ এই আক্ৰমণৰ পাছত ৰাছিয়াই ইয়াৰ, প্রতিশোদকল্পে ইউক্রেইনত অতি ভয়াৱহ আক্রমণ কৰাৰ আশংকা কৰা হৈছে। ইউক্রেইনৰ সংবাদ মাধ্যম দ্য কীভ ইন্ডিপেন্ডেন্টক এছ বি ইউবে কয় যে শত্ৰুৰ বোমা বৰ্ষণ কৰা বিমান এতিয়া সমূহীয়াভাৱে জ্বলি আছে। চোৰাংচোৱা সংস্থাটোৱে লগতে এই কথাও প্রকাশ কৰে যে নিশাৰ ভাগত ইউক্রেইনত বোমা বৰ্ষণ কৰা ৰাছিয়াৰ যুঁজাৰু বিমানসমূহক লক্ষ্য কৰি এই ড্র'ন আক্রমণ কৰা হয়। এই বিমানসমূহে ইউক্রেইনত বোমা বৰ্ষণ কৰাৰ উপৰি দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰে দেশখনৰ বিভিন্ন চহৰত আক্ৰমণ কৰি আহিছিল। ইউক্রেইনে ড্ৰ'নেৰে আক্ৰমণ কৰে ৰাছিয়াৰ ইৰকুৎস্ক অঞ্চলত থকা বায়ু সেনাৰ বেলায়া ঘাটিত। ৰাছিয়াৰ বায়ু সেনাৰ এই ঘাটিটো ইউক্রেইনৰ পৰা প্ৰায় ৪ হাজাৰ কিল'মিটাৰ আঁতৰত অৱস্থিত। ইৰকুৎস্কৰ ৰাজ্যপাল ইগৰ কোবজেভে আক্ৰমণটোৰ কথা স্বীকাৰ কৰে যদিও এই বিষয়ে বিতংভাৱে কোনো কথা নজনালে। ইফালে ৰাছিয়াৰ মৰমানস্ক ওব্লাষ্টৰ বায়ু সেনাৰ ওলেন্যা ঘাটিটোত জুই লগাৰ বাতৰি পোৱা গৈছে আৰু ৰাজ্যপাল আন্দ্ৰেই চিবিছে ড্ৰ'ন আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। বেলাৰুছৰ বাতৰি প্ৰতিষ্ঠান নেক্সটাই জনোৱা মতে-ওলোন্যা ঘাটিত বিস্ফোৰণৰ শব্দ শুনাৰ লগতে ধোঁৱাও দেখা পোৱা যায় উল্লেখযোগ্য যে ওলোন্যা ৰাছিয়াৰ বায়ু সেনাৰ অন্যতম প্রধান ঘাটি। ইয়াত পাৰমাণৱিক অস্ত্র বহন ক্ষমতা থকা যুঁজাৰু বিমানো আছে। অৱশ্যে ৰাছিয়াই এতিয়ালৈকে এই বিষয়ে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই। ইউক্রেইনে কৰা দাবী সত্য হ'লে ই হ'ব দুয়োখন দেশৰ মাজত হোৱা যুদ্ধত এতিয়ালৈকে ইউক্রেইনৰ কৰা আটাইতকৈ বিধ্বংসী আক্রমণ। ওলেন্যা বায়ু সেনা ঘাটিত ৰাছিয়াৰ টি ইউ-৯৫ বিমান ৰখা হয়। 


আনহাতে, পূব ছাইবেৰিয়াত থকা বেলায়াত ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰৰো ঘাটি। দ্য ছানে প্রকাশ কৰা মতে সম্ভৱতঃ ইউক্রেইনে ৰাছিয়াৰ ভিতৰৰ পৰাই উৎক্ষেপণ কৰা ড্ৰ'নৈৰে এই আক্রমণ কৰে। সম্ভৱতঃ এই ড্র'ন ট্ৰাকৰ ভিতৰত লুকুৱাই অনা হৈছিল। ইয়াৰে এখন ট্ৰাকৰ চালকে তেওঁৰ ট্ৰাকত ইউক্রেইনৰ ড্ৰ'ন থকা বুলি জনা নাছিল। তেওঁক আটক কৰা হৈছে। ইউক্রেইনৰ বিষয়াসকলে কৰা অনুমান মতে আক্ৰমণটোত ৰাছিয়াৰ প্ৰায় ২০০ কোটি ডলাৰৰ সম্পদ লোকচান হৈছে। উল্লেখযোগ্য যে টি ইউ-৯৫ আৰু টি ইউ-২২এম-৩ বোমা বৰ্ষণকাৰী বিমানেৰে ৰাছিয়াই ইউক্রেইনৰ বিভিন্ন চহৰত ক্রুজ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰি আহিছে। এই বিমানসমূহ ধ্বংস হোৱাৰ ফলত ৰাছিয়াৰ দীৰ্ঘ দূৰত্বৰ আক্ৰমণ সাময়িকভাৱে ব্যাহত হ'ব পাৰে বুলি কোৱা হৈছে। আনহাতে এ-৫০ আর্লি বার্নিং বিমান ধ্বংস হোৱাৰ ফলত ৰাছিয়াৰ আকাশমাৰ্গত নিৰীক্ষণ, সতর্কতা তথা নিয়ন্ত্ৰণ ব্যৱস্থাও ক্ষতিগ্রস্ত হোৱাৰ আশংকা কৰা হৈছে। ৰাছিয়াৰ আক্ৰমণত ইউক্রেইনৰ ৫খন চহৰ বিধ্বস্ত, ১২জন সৈনিক নিহত: ইয়াৰ আগতে ৰাছিয়াইইউক্রেইনৰ কেইবাখনো চহৰত আক্ৰমণ কৰি প্ৰায় ৯ ঘণ্টা ধ্বংসলীলা চলায়। ৰাছিয়ান সৈন্যই আজি ইউক্রেইনৰ ৰাজধানীকে ধৰি কেইবাখনো মহানগৰত একেৰাহে ৯ ঘণ্টা ধৰি ক্ষেপণাস্ত্র আৰু ড্ৰ'নেৰে আক্ৰমণ কৰে। ৰাছিয়াৰ আক্ৰমণত ইউক্রেইনৰ কমেও ১২জন সৈনিক নিহত আৰু ৬০জনতকৈ অধিক সৈন্য আহত হয়। ইয়াৰ উপৰি ইউক্রেইনৰ দনিপ্ৰ' পেট্রোভস্ক, জাপোৰিজিয়া, ওডেছা আৰু খাৰকীভৰ দৰে পাঁচখন মহানগৰৰ আন্তঃগাঁথনি সম্পূর্ণরূপে বিধ্বস্ত হয়। ৰাছিয়াৰ আক্ৰমণত এই মহানগৰকেইখনৰ ব্যাপক ক্ষতি হোৱা বুলি কোৱা হৈছে। ইউক্রেইনৰ বিদেশ মন্ত্রী এন্ড্রি ছাইবিহাই এই আক্ৰমণক গৰিহণা দি কয় যে ৰাছিয়াই এফালে শান্তিৰ আলোচনা কৰে আৰু আনফালে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে তুৰস্কৰ ৰাজধানী ইস্তানবুলত দুয়োখন দেশৰ শান্তি আলোচনাৰ প্ৰস্তুতি চলি থকাৰ সময়তে আজি পৰস্পৰক এই প্রচণ্ড আক্রমণ-প্রত্যাক্রমণ কৰে। 'অপাৰেশ্যন ৱেব'ৰ অধীনত কৰা হৈছিল আক্ৰমণঃ ৰাছিয়াত ইউক্রেইনে কৰা আক্ৰমণটোৰ নাম ৰখা হৈছিল 'অপাৰেশ্যন ৱেব'। এই অপাৰেশ্যনত ইউক্রেইনে 'ফার্স্ট-পাৰ্ছন-ভিউ (এফ পি ভি) ড্র'ন ব্যৱহাৰ কৰে। এই এফ পি ভি ড্ৰ'ন ট্রাকত কাঠেৰে সজা ম'বাইল কেবিনত লুকুৱাই ৰাছিয়ালৈ প্ৰেৰণ কৰিছিল। সঠিক সময়ত ৰিমট ব্যৱহাৰ কৰি কেবিন খোলা হয় আৰু তাৰ পৰা ৰাছিয়াৰ যুঁজাৰু বিমানক লক্ষ্য কৰি ড্ৰ'নে উৰা মাৰে। এই আক্রমণটোত জড়িত থকা সকলো লোক ইউক্রেইনতে আছে বুলি দেশখনে দাবী কৰে। ৰাছিয়াত কৰা এই বিধ্বংসী আক্ৰমণটোৰ পৰিকল্পনা ইউক্রেইনে যোৱা এক/ডেৰ বছৰে কৰি আছিল। আক্রমণটোত ক্ষতি হোৱা বাছিয়াৰ বায়ু সেনাৰ আন ঘাটি দুটা হ'ল ৰিয়াজান অব্লাষ্টৰ ডিয়াঘিলেভ আৰু উজানালা অরাষ্টৰ ইভান'ভা ঘাটি।

Share This