গুৱাহাটী, শিৱসাগৰ, তেজপুৰৰ আছুৰ উদ্যোগত 'প্রত্যাশা-২.০', লোকসেৱাৰ পৰীক্ষাৰ বাবে ৪০ শিক্ষার্থীক দিব বিনামুলীয়া প্রশিক্ষণ

dainik janambhumi June 01, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰশাসনিক বিষয়া সৃষ্টিৰ লক্ষ্য লৈ আছুৱে আৰম্ভ কৰিছিল 'প্রত্যাশা'। কালি আছুৰ অভিলাষী প্রকল্প 'প্রত্যাশা ২.০'ৰ দ্বাৰা উত্তৰ-পূবৰ মেধাবী ছাত্র-ছাত্রীক দিল্লীৰ আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠান নেক্সট আই এ এছত বিনামূলীয়াকৈ আছুৱে প্রশিক্ষণ দিয়াব ইউ পি এছ চি পৰীক্ষাৰ বাবে। 

ৰাজ্যৰ ২৬গৰাকী আৰু উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ পৰা ১৪গৰাকীসহ মুঠ ৪০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক প্রত্যাশা ২.০-য়ে সামৰি ল'ব। কালি ৰাজ্যৰ শিৱসাগৰ, তেজপুৰ, গুৱাহাটীৰ লগতে দিল্লীৰ এটা কেন্দ্ৰত মুঠ ১০০০গৰাকী ছাত্র-ছাত্রী প্রত্যাশা ২.০৩ লিখিত বাছনী পৰীক্ষাত অৱতীৰ্ণ হয় আৰু এই পৰীক্ষাৰ পৰা ৫২জনক মৌখিক পৰীক্ষাৰ বাবে বাছনি কৰা হ'ব। 

আছুৰ সভাপতি উৎপল শর্মাই জানিবলৈ দিয়া মতে, ৩ জুনত বাছনী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু নিৰ্বাচিত ৫২জনৰ ৭ আৰু ৮ জুনত মৌখিক পৰীক্ষা লোৱা হ'ব। তেওঁ লগতে এই বুলিও কয় যে প্রত্যাশা প্ৰকল্পৰ উপদেষ্টা মণ্ডলীত বহুকেইগৰাকী আই এ এছ বিষয়া জড়িত হৈ আছে আৰু তেওঁলোকেই প্রকল্পটো আগবঢ়াই নিছে। আনহাতে, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই কয় যে আমাৰ এটাই লক্ষ্য- নির্বাচিত ছাত্র-ছাত্রীসকলক নতুন দিল্লীৰ ভালৰো ভাল প্রশিক্ষণ কেন্দ্রত প্রশিক্ষণ দিয়া হ'ব আৰু তেওঁলোকে নিজকে দক্ষ প্রাশাসনিক বিষয়া হৈ অসমৰ প্ৰতি সেৱা আগবঢ়াওক।

Share This