৪০০ কোটি টকা ব্যয়সাপেক্ষ শ্বহীদ কনকলতা বিশ্ববিঃ নিৰ্মাণৰ পুঁজি মঞ্জুৰি

dainik janambhumi June 05, 2025

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সুখবৰ। বহু প্রতীক্ষাৰ অন্তত অৱশেষত বুধবাৰে ৰাজ্যিক কেবিনেটে শ্বহীদ কনকলতা বিশ্ববিদ্যালয় নির্মাণৰ বাবে পুঁজিৰ মঞ্জুৰি দিলে। একেদৰে কেবিনেটে ৰাজ্যক কৃষক উৎপাদক গোটৰ বাবে ১৫ লাখকৈ আৰু ডিমা হাছাওত পথ নিৰ্মাণৰ বাবে মুঠ ৩৮৭৫ কোটি টকাৰ অনুমোদন দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বি টি আৰৰ বাবে পুঁজি আবণ্টনকে ধৰি আন কেইবাটও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় যে ৪০০ কোটি টকা ব্যয়ৰে শ্বহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আজি কেবিনেটে অনুমোদন জনায়। এই বিশ্ববিদ্যালয় গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নির্মাণ হ'ব। ইয়াৰ বাবে যিসকল চাহ জনগোষ্ঠীয় লোকৰ মাটি-বাৰী লোৱা হ'ব তেওঁলোকক ভূমি প্ৰদানৰ বিশ্ব বিদ্যালয়খনৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদত নিযুক্তিত অগ্রাধিকাৰ দিয়া হ'ব। 

আনহাতে ডিমা হাছাওৰ ৫টা পথক ৰাজ্যিক ঘাইপথলৈ উন্নীতকৰণ কৰা হ'ব। ৩৪৮ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই পাঁচটা পথৰ বাবে কেবিনেটে ৩৮৭৫ কোটি টকাৰ অনুমোদন দিছে। নিৰ্মাণ কৰিবলগীয়া এই পথকেইটা হ'ল-থংকিৰৌবনখাই, কলাইগাছা, খেজুৰবন, দেহাংগি, নিউ চাংবৰ, উমৰাংছু, খামং। এই পথ প্ৰকল্পৰ বাবে ভাৰত চৰকাৰে বিশ্ব বেংকৰ অনুদানৰ জৰিয়তে ৮০ শতাংশ ধন প্রদান কৰিব। ইফালে অসমৰ কৃষিক্ষেত্ৰৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কেবিনেটে। মুখ্যমন্ত্ৰী গৰাকীয়ে প্রকাশ কৰা মতে মুখ্যমন্ত্রী উৎকর্ষ যোজনা ৰূপায়ণেৰে কৃষক উৎপাদক সংস্থাক সহায় কৰা হ'ব। ইয়াৰ বাবে অসমৰ ৫০০টা এফ পি অ' আৰু এফ পি চিক দুটা পৰ্যায়ত ১৫ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব। বি টি চিক প্রদান কৰিবলগীয়া পুঁজিৰো কালি আবণ্টন দিছে কেবিনেটে। সেই অনুসৰি বি টি চিলৈ ৮৪৩ কোটি টকাৰ পুঁজি অনুমোদন দিছে। পূর্বতে এই ধন দুটা কিস্তিত দিয়া হৈছিল যদিও এইবাৰ এই পুঁজি এবাৰতে আগবঢ়োৱা হ'ব। ইফালে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন দিছে কেবিনেটে। এই আঁচনিৰ অধীনত চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাসকলক এককালীন ২৫ হাজাৰ টকা আগবঢ়োৱা হ'ব। বি টি চিক প্রদান কৰিবলগীয়া পুঁজিৰো কালি আবণ্টন দিছে কেবিনেটে। সেই অনুসৰি বি টি চিলৈ ৮৪৩ কোটি টকাৰ পুঁজি অনুমোদন দিছে। পূর্বতে এই ধন দুটা কিস্তিত দিয়া হৈছিল যদিও এইবাৰ এই পুঁজি এবাৰতে আগবঢ়োৱা হ'ব। ইফালে মুখ্যমন্ত্রী জীৱন অনুপ্ৰেৰণা। আঁচনিত অনুমোদন দিছে কেবিনেটে। এই আঁচনিৰ অধীনত চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাসকলক এককালীন ২৫ হাজাৰ টকা আগবঢ়োৱা হ'ব। দিব্যাংগসকলে ৪০ হাজাৰ টকা লাভ কৰিব। অৱশ্যে চৰকাৰী চাকৰি কৰাসকলে এই পুঁজি নাপাব। ইয়াৰ বাবে দুই এদিনৰ ভিতৰতে আৱেদনৰ বাবে এটা পৰ্টেল খুলি দিয়া হ'ব। 

আনহাতে লাখপতি বাইদেউসকলে কেতিয়া ধন পাব, কোনে পাব সেয়া ৯ তাৰিখে ঘোষণা কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্রী উদ্যমিতা আঁচনি আৰু আত্মনিৰ্ভৰ আঁচনিৰ বাবে কেবিনেটে ১৫০০ কোটি টকাৰ অনুমোদন দিছে। পূৰ্বতে উক্ত দুখন আঁচনিৰ বাবে তিনি হাজাৰ কোটি টকা মোকলাই দিয়া হৈছিল। মন কৰিবলগীয়া কথা যে এতিয়া ৰাজ্যত সম জিলা গঠন গৈছে। সম জিলাৰ আৰক্ষী অধীক্ষকক চি বি এছ পি বুলি কোৱা হয়। গতিকে এতিয়া অসমৰ সকলো এছপিক ছিনিয়ৰ এছ পি বা জ্যেষ্ঠ আৰক্ষী অধীক্ষক বুলি জনা যাব। আগতে আৰক্ষী অধীক্ষকৰ বেজ এটা, এটা অশোক স্তম্ভ আৰু এটা ষ্টাৰ আছিল। এতিয়া দুটা ষ্টাৰ আৰু অশোকস্তম্ভ থাকিব।

Share This