৪৩টা ভোট কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ

dainik janambhumi May 04, 2025

ডিজিটেল ডেস্ক : ব্যাপক হিংসা, বিসংগতি আৰু বিক্ষিপ্ত ঘটনাৰে শুকুৰবাৰে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ পাছত ৰাজ্যৰ ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্রহণ কৰিবলৈ সিদ্ধান্ত লৈছে ৰাজ্যিক নির্বাচন আয়োগে। ব্যাপক বিসংগতি আৰু হিংসাৰ বাবে হাইলাকান্দিত ৩১টা, শ্রীভূমিত ৮টা, লখিমপুৰত ২টা, গোলাঘাট আৰু মাজুলীৰ এটাকৈ ভোটকেন্দ্রত কাইলৈ পুনৰ হ'ব ভোটগ্রহণ। 

উল্লেখযোগ্য যে শুকুৰবাৰে হৈ যোৱা প্ৰথম পৰ্যায়ৰ ভোটদানত শ্রীভূমি আৰু হাইলাকন্দিত ব্যাপক ৰূপত বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হয়। ভোটকেন্দ্ৰত হোৱা মাৰপিট, বেলট বাকচ পুখুৰীলৈ দলিয়াই দিয়া, বেলট পেপাৰ চুৰ কৰি নিয়া, ভোটকেন্দ্ৰৰ দায়িত্বত থকা বিষয়াক মাৰধৰ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত হাইলাকান্দিত ৩১টা, শ্রীভূমিত ৮টা কেন্দ্ৰত পুনৰ ভোটগ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়। অর্থাৎ কাইলৈ পুৱা ৭-৩০ বজাৰ পৰা পুনৰ ভোটগ্রহণ হ'ব লগা ৪৩টা মুঠ কেন্দ্ৰৰ ৩৯টাই এই দুখন জিলাৰ। ইয়াৰ পৰাই স্পষ্ট হৈ পৰে শুকুৰবাৰে বৰাক উপত্যকাত কি ভয়ংকৰ ধৰণে নির্বাচনী হিংসা সংঘটিত হৈছিল। কিন্তু কংগ্রেছে হাইলাকান্দিত নিকাভাৱেই ভোটগ্রহণ হৈ যোৱা বুলি দাবী কৰি কয় যে পৰাজয়ৰ ভয়ত বিজেপিয়ে পুনৰ ভোটগ্রহণ কৰিব বিচাৰিছে। গোলাঘাট জিলাৰ এটা ভোটকেন্দ্রত নির্বাচন বিষয়াৰ ভুলৰ বাবেই আকৌ হ'ব ভোটগ্রহণ। সেইদৰে বহুকেইটা ভোটকেন্দ্রত ৰাজনৈতিক দলৰ কৰ্মীসকলৰ মাজতো হয় প্রচণ্ড মাৰপিট। উল্লেখযোগ্য যে শুকুৰবাৰে প্রথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা ১৪খন জিলাত বিক্ষিপ্ত ঘটনাৰ মাজতো ভোটাৰৰ ব্যাপক উৎসাহ পৰিলক্ষিত হয়। 

সামগ্রিকভাৱে শুকুৰবাৰে ১৪খন জিলাৰ ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ, ইয়াৰ ভিতৰত মাজুলীত সর্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হয়। ইয়াৰ বাহিৰে ধেমাজিত ৭৭.১৪ শতাংশ, কাছাৰত ৭৩ শতাংশ, শিৱসাগৰত ৭২.৫৬ শতাংশ, যোৰহাটত ৭২.১৫ শতাংশ, চৰাইদেউত ৭১.০২ শতাংশ, লখিমপুৰত ৭১ শতাংশ, তিনিচুকীয়াত ৬৪.৭১ শতাংশ, ডিব্ৰুগড়ত ৬৮ শতাংশ, গোলাঘাটত ৬৯.৯২ শতাংশ, বিশ্বনাথত ৬৪.৫১ শতাংশ, হাইলাকান্দিত ৭৩.৫ শতাংশ আৰু শ্রীভূমিত ৬৪.১০ শতাংশ ভোটদান হয়। ইফালে, ৭ এপ্রিলত হ'বলগা দ্বিতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে নামনি অসমত তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ বিজেপিয়ে নামনিত জোৰদাৰ কৰি তুলিছে প্ৰচাৰ। মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰীসকলকে ধৰি দলটোৰ অধিকাংশ নেতায়েই বাহৰ পাতিছেগৈ নামনিত।সমান্তৰালভাৱে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত মধ্য আৰু নামনি অসমতো বৃদ্ধি পাইছে ৰাজনৈতিক হিংসাত্মক ঘটনা।

Share This