আধা ঘণ্টাত শেষ হ'ল সকলো টিকট, মাত্র ৪৩৮ টকাত ভাৰত-পাকিস্তানৰ মেচ

dainik janambhumi December 13, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু শ্রীলংকাই যুটীয়াভাৱে আয়োজন কৰা টি-২০ বিশ্ব কাপলৈ দুমাহতকৈও কম সময় বাকী আছে। অহা ৭ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া প্রতিযোগিতাত এইবাৰ ২০টা দলে অংশগ্রহণ কৰিব। বৃহস্পতিবাৰে বিশ্ব গ্রুপ পৰ্যায়ৰ ৪০খন মেচৰ বাবে প্রথম পৰ্যায়ৰ টিকত বিক্ৰী কৰা হয়। 

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৬-৪৫ বজাত টিকট বিক্ৰী আৰম্ভ কৰা হয় আৰু মাত্ৰ আধা ঘণ্টাৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচৰ সকলো টিকত বিক্রী হৈ যায়। এই মেচখন শ্রীলংকাৰ কলম্বোৰ প্রেমদাসা স্টেডিয়ামত অনুষ্ঠিত হ'ব, কিন্তু তাৰ পাছতো ক্রিকেটপ্রেমীৰ উৎসাহ ম্লান পৰা নাই। ১৫ ফেব্ৰুৱাৰীত হ'বলগীয়া গ্ৰুপ পৰ্যায়ৰ এই মেচখনৰ টিকটৰ প্ৰাৰম্ভিক মূল্য ১৫০০ শ্রীলংকান ৰুপী। ভাৰতীয় টকাৰ হিচাপত প্রায় ৪৩৮ টকা। 

অৱশ্যে দ্বিতীয় পর্যায়ক পুনৰ টিকট বিক্ৰী কৰা হ'ব। ভাৰতে ৭ফেব্ৰুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া উদ্বোধনী মেচখনৰ টিকটৰ প্ৰাৰম্ভিক মূল্য হ'ল ৭৫০ টকা আৰু মুম্বাইত হ'বলগীয়া এই খেলখনৰো সকলো টিকট বৃহস্পতিবাৰে বিক্রী হয়। দিল্লীৰ অৰুণ জেইটলী ষ্টেডিয়ামত হ'বলগীয়া ভাৰত-নামিবিয়াৰ মেচখনৰ টিকটৰ প্ৰাৰম্ভিক মূল্য ৭৫০ টকা।

Share This