ডিজিটেল ডেস্ক : শক্তিশালী বা-মাৰলী 'বাভি'য়ে জাপান আৰু টাইৱানত তাণ্ডৱ চলোৱাৰ পাছত চীনৰ পূব অঞ্চলত তীব্রগতিৰে প্ৰৱেশ কৰিছে। প্রবল বতাহৰ আশংকাত চৰকাৰী কৰ্তৃপক্ষই অঞ্চলটোৰ পৰা ১৮ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। আনহাতে, বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত হোৱা মুষলধাৰ বৰষুণৰ ফলত হোৱা বানত কমেও ৪৪জন লোকৰ মৃত্যু হৈছে।
তদুপৰি লাখ লাখ লোকৰ ঘৰ জলমগ্ন হোৱাত আশ্রয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। ইফালে, চীনৰ অন্যতম বৃহৎ মহানগৰ বেনঝেৱইব ফালে তীব্র গতিৰে বা-মাৰলী 'বাভি' অগ্ৰসৰ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত লাখ লাখ লোকক স্থানান্তৰিত কৰা হৈছে। উল্লেখযোগ্য যে মহানগৰখনৰ মুঠ জনসংখ্যা ১ কোটি। দেওবাৰে পুৱা বা-মাৰলী 'বাভি'য়ে চীনা মহানগৰখনত খুন্দা মাৰে।
ইফালে বা-মাৰলী 'বাভি'ৰ প্ৰভাৱত ফিলিপাইনত ১১জন লোকৰ মৃত্যু হৈছে। আনহাতে, বানে বাংলাদেশত ভয়ংকৰ ৰূপ লৈছে। শনিবাৰে দেশখনৰ চট্টগ্রাম, কক্স বাজাৰ, বন্দৰবন, ৰংগামাটি খগৰাছাৰী অঞ্চলৰ বিস্তীর্ণ এলেকা বানৰ কবলত পৰে। দেশখনৰ প্ৰায় ৩ লাখ পৰিয়াল বানত আক্রান্ত হৈছে।