ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় সীমান্ত অবৈধভাৱে পাৰ হ'বলৈ লওঁতেই শনিবাৰে পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনাত বি এছ এফে ১১ টি শিশুকে ধৰি ৪৫জন বাংলাদেশীক আটক কৰে।
বছিৰহাটৰ আৰক্ষী অধীক্ষক হোছেইন মেহেদী ৰহমানে কয় যে কোনো বৈধ নথি-পত্র নথকাকৈ বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতেই উক্ত অনুপ্রৱেশকাৰীসকলক সীমান্ত নিৰাপত্তা বাহিনীয়ে (বি এছ এফ) হাকিমপুৰত আটক কৰে।
তেওঁ আৰু কয়, 'সেইসকলৰ মাজত ১৫ গৰাকী মহিলা আৰু ১১ টি শিশুও আছে। তেওঁলোকক পাছত বি এছ এফে আৰক্ষীৰ হাতত গতাই দিয়ে।' আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উক্ত লোকসকল কলকাতা আৰু ৰাজাৰহাট অঞ্চলৰ বিভিন্ন স্থানত কাম কৰি আছিল। তেওঁলোকক বছিৰহাট আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।