৪ ইউৰোপীয় দেশত শিশুৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম

dainik janambhumi February 05, 2026

ডিজিটেল ডেস্ক : সামাজিক মাধ্যমে সমগ্র বিশ্বত শিশুৰ ওপৰত বিৰূপ প্রভাৱ পেলোৱাৰ সময়তে স্পেইন আৰু গ্রীচে ডিজিটেল প্লেটফৰ্মৰ পৰা শিশুৰ প্ৰতি অহা সংকটৰ পৰিপ্ৰেক্ষিতত নাবালকৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পদক্ষেপ লৈছে। দুয়োখন ইউৰোপীয় দেশে ৪ ফেব্ৰুৱাৰীত সামাজিক মাধ্যমত বয়স-ভিত্তিক নিষেধাজ্ঞা অনাৰ বাবে বিশদ পৰিকল্পনা প্রকাশ কৰে। নাবালক শিশুক সামাজিক মাধ্যমৰ কু-প্ৰভাৱৰ পৰা সুৰক্ষা দিয়াৰ বাবে ইতিমধ্যে ইউৰোপৰ কেইবাখনো দেশে সামাজিক মাধ্যমত বয়স-ভিত্তিক নিষেধাজ্ঞা আনিছে। স্পেইনৰ প্রধানমন্ত্রী পেড্র' চানচেজে বুধবাৰে কয় যে দেশখনে ১৬ বছৰ বয়সৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিবলৈ বিচাৰিছে।


ডুবাইত অনুষ্ঠিত 'ৱৰ্ল্ড গভার্নমেন্ট' সন্মিলনত স্পেইনৰ প্রধানমন্ত্রীজনে কয় যে আমাৰ শিশুবোৰে সামাজিক মাধ্যমত এনে এটা পর্যায় পায়ছেগৈ যে তেওঁলোকে অকলে এইবোৰ পৰিচালনা কৰিব নোৱাৰে। সেইটো এতিয়া তেওঁলোকে সহ্য নকৰে। পশ্চিমীয়া ডিজিটেল পদ্ধতিৰ পৰা তেওঁলোকৰ শিশুক সুৰক্ষা দিব বুলি স্পেইনৰ প্ৰধানমন্ত্ৰীজনে কয়। আনহাতে, 'ৰয়টাৰে' প্রকাশ কৰা মতে, আন এখন ইউৰোপীয় দেশ গ্রীচেও ১৫ বছৰ বয়সৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰি আছে। এথেন্সত গ্ৰীচৰ এজন শীর্ষ চৰকাৰী বিষয়াৰ উদ্ধৃতি দি ৰয়টাৰে এই বাতৰি প্ৰকাশ কৰিছে। সামাজিক মাধ্যম চোৱাৰ সময়ত শিশুৰ বিকাশ আৰু মানসিক স্বাস্থ্যত নেতিবাচক প্রভাৱ পৰাৰ বিষয়টো গুৰুত্বসহকাৰে পৰীক্ষা কৰাৰ পাছতেই ইউৰোপীয় দেশসমূহৰ চৰকাৰে এই পদক্ষেপ লৈছে। যোৱা বছৰ অষ্ট্ৰেলিয়াই ১৬ বছৰৰ অনূর্ধ্বৰ শিশুৰ বাবে দেশজুৰি সামাজিক মাধ্যম নিষিদ্ধ কৰিছিল।

ফ্রান্সৰ সংসদতো ১৫ বছৰৰ অনূর্ধ্বৰ শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ হোৱাৰ আইন প্রস্তুত হৈ আছে। ব্রিটেইনেও একে ধৰণৰ পদক্ষেপ লোৱাৰ চিন্তা-চৰ্চা কৰি আছে। স্পেইনৰ প্রধানমন্ত্রীজনে কয় যে পাঁচখন ইউৰোপীয় দেশে এই ডিজিটেল যুদ্ধৰ বাবে ঐক্যবদ্ধ হৈছে। প্রধানমন্ত্রী পেড্র'ই কয় যে ইলন মাস্কৰ গ্ৰ'ক এ আই পদ্ধতিৰ লগতে টিকটক আৰু ইনষ্টাগ্রামৰ পৰা তেওঁলোকৰ শিশু ক্ষতিগ্রস্ত হোৱাৰ আশংকা বেছি আছে। উল্লেখযোগ্য যে এ আইসৃষ্ট অশ্লীল বিষয়বস্তু আৰু অসামাজিক যৌনগন্ধী ছবি সামাজিক মাধ্যমত প্ৰচাৰ বৃদ্ধি হোৱাৰ ফলত বিশ্বৰ শিশুবোৰৰ প্ৰতি অধিক সংকট কঢ়িয়াই আনিছে।

Share This