দিল্লীত আছে পাঁচ হাজাৰ পাকিস্তানী

dainik janambhumi April 29, 2025

ডিজিটেল ডেস্ক : দিল্লীত থকা প্রায় ৫ হাজাৰ পাকিস্তানী নাগৰিকৰ এখন তালিকা চোৰাংচোৱা ব্যুৰ' (আই বি)ই দিল্লী পুলিচৰ হাতত অর্পণ কৰিছে। এই তালিকাখনত থকা পাকিস্তানী নাগৰিকসকলে দেশ ত্যাগ কৰিলে নে নাই সেইটো সু-নিশ্চিত কৰাৰ বাবে আই বিয়ে দিল্লী পুলিচৰ বিশেষ শাখাক অর্পণ কৰে।

 বিশেষ শাখাই এই পাকিস্তানী নাগৰিকসকলৰ সূচীৰ সত্যাসত্য নিৰ্ণয় কৰিব আৰু এতিয়াও দেশ ত্যাগ নকৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব। ইফালে, কেন্দ্ৰীয় চৰকাৰে কালি জাৰি কৰা এখন জাননীত এই বুলি কোৱা হৈছে যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যিসকল পাকিস্তানী নাগৰিকে ভাৰত ত্যাগ কৰা নাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 

তেনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব আৰু তেনে লোকক তিনি বছৰ কাৰাদণ্ড তথা তিনি লাখ টকাৰ জৰিমনা বিহা হ'ব পাৰে। দিল্লী পুলিচে আই বিৰ সৈতে মিলি এই তালিকাত থকা প্রতিজন পাকিস্তানী নাগৰিকৰ তথ্য সংগ্ৰহ কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব।

Share This