ডিজিটেল ডেস্ক : ইৰানত স্থল আক্রমণ চলোৱাৰ বাবে ৫ হাজাৰ মার্কিন সৈন্য ইতিমধ্যে মধ্যপ্রাচ্যত উপস্থিত হৈছে। ইয়াৰ ভিতৰত ২৫০০ মার্কিন নৌ সেনাও আছে। আমেৰিকাৰ সংবাদ মাধ্যমে প্রকাশ কৰা মতে আৰু ১০ হাজাৰ মার্কিন পদাতিক সৈন্য মধ্যপ্রাচ্যলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। স্বাভাৱিক অৱস্থাত মধ্যপ্রাচ্যৰ দেশবোৰত ৪০ হাজাৰ সৈন্য মোতায়েন হৈ থাকে। এই সৈন্যবোৰ কাটাৰ, ইউ এ ই, ছৌডি আৰব, ইৰাক, ছিৰিয়া আৰু জর্ডানত মোতায়েন হৈ থাকে। আমেৰিকাৰ এই শেহতীয়া সৈন্য সঞ্চালনে ইৰানত স্থল আক্রমণৰ সম্ভাৱনা অধিক তীব্ৰ কৰি তুলিছে।
বর্তমান সময়ত ইৰানত সম্ভাব্য মার্কিন স্থল আক্ৰমণৰ কাৰণ স্পষ্ট নহয় যদিও ইৰানৰ তৈল ভাণ্ডাৰ থকা খৰ্গ দ্বীপৰ পৰা তেল দখল কৰা অথবা ইৰানৰ ৪০০ কিল'গ্রাম ইউৰেনিয়াম হস্তগত কৰাৰ উদ্দেশ্যৰে আমেৰিকাই ইৰানত স্থল আক্রমণ চলাব বুলি ধাৰণা কৰা হৈছে।
ইফালে, মধ্যপ্রাচ্যত মার্কিন সৈন্যৰ সঞ্চালন বৃদ্ধি হোৱাৰ সময়তে ইৰানে হুংকাৰ দিছে যে আমেৰিকাৰ সৈন্যৰে মুখামুখি হ'বলৈ ইৰানী সৈন্য সম্পূর্ণ সাজু। ইৰানে মঙলবাৰে ৫৯ মিনিটৰ এটা ভিডিঅ'যোগে কয় যে ইৰানী সৈন্যই আমেৰিকাৰ সৈন্যলৈ অপেক্ষা কৰি আছে। স্থল যুদ্ধৰ বাবে ইৰান সম্পূর্ণ সাজু হৈ আছে আৰু যদি মার্কিন সৈন্যই ইৰানৰ ভূখণ্ডত প্ৰৱেশ কৰে তেতিয়া তেওঁলোকক নৰকৰ বাট দেখুওৱা হ'ব বুলি ইৰানী সেনাই হুংকাৰ দিয়ে।