ডিজিটেল ডেস্ক : ক্ৰমাৎ বৃদ্ধি পোৱা গ্রীষ্ম প্ৰৱাহে সমগ্ৰ বিশ্বৰ লগতে ইউৰোপলৈও সংকট নমাই আনিছে। উষ্ণতা বৃদ্ধিৰ ফলত ফ্ৰান্সত এটা বছৰতে ৫,৪০০ লোকৰ মৃত্যুৰ তথ্যও প্রকাশ পাইছে। শেহতীয়া দুটাকৈ অধ্যয়নত প্রকাশ পাইছে যে দ্রুত গতিত বৃদ্ধি পোৱা গ্রীষ্ম প্ৰৱাহে ফ্ৰান্সৰ জনস্বাস্থ্যলৈ ভাবুকি মাতি আনিছে।
বিশেষকৈ দুখীয়া আৰু অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ জনতালৈ গৰমে বিপদ মাতি আনিছে। চলিত জুনত দেশখনৰ বহু স্থানত উষ্ণতা ৪০ ডিগ্রী পর্যন্ত বৃদ্ধি পাইছে। অক্সফামৰ বিশ্লেষণাত্মক প্রতিবেদনত প্রকাশ পাইছে যে তাপমাত্রা বৃদ্ধিৰ ফলত দেশখনত বার্ষিক ৫,৪০০জন লোকৰ মৃত্যু হৈছে। অতিমাত্রা উষ্ণতা বৃদ্ধিৰ ফলত বয়োজ্যেষ্ঠ সকলকে ধৰি বহু প্রাপ্তবয়স্ক লোক হিটষ্ট'ক, ডিহাইড্রেশ্যন আদিত আক্রান্ত হৈছে।
গ্রীষ্ম প্রৱাহৰ সময়ছোৱাত জনতাৰ হৃদক্রিয়া বন্ধ হোৱাৰ দৰে ঘটনা বৃদ্ধি পোৱা বুলিও অক্সফামৰ প্রতিবেদনত প্ৰকাশ পাইছে। তদুপৰি এই সময়ছোৱাত মহিলাৰ মৃত্যুৰ হাৰো দুগুণ হোৱা বুলি প্রকাশ। একেৰাহে এসপ্তাহ ধৰি তাপমাত্রা বৃদ্ধি হৈ থাকিলে সাধাৰণ জনতাৰ কিডনী বিকল হোৱাৰ সম্ভাৱনাও বেছি থাকে বুলি অক্সফামে প্রকাশ কৰিছে।