ডিজিটেল ডেস্ক : এল নিনোৰ প্ৰভাৱত বৃদ্ধি পোৱা প্রচণ্ড গ্রীষ্ম প্ৰৱাহে দেশৰ উপকূলীয় অঞ্চললৈ অশনি সংকেত কঢ়িয়াই আনিছে। ভাৰতৰ উপকূলীয় অঞ্চলসমূহ দ্রুতগতিত সাগৰত ডুব যোৱাৰ দিশত আগবাঢ়িছে। বিশ্ব বতৰ বিজ্ঞান সংস্থাই (ডব্লিউ এম অ') এই আশংকা ব্যক্ত কৰিছে। ডব্লিউ এম অ'ই এছিয়াৰ জলবায়ু প্রতিবেদন-২০২৫ৰ ভিত্তিত প্ৰকাশ কৰিছে যে ১৯৯৯ চনত কৃত্রিম উপগ্ৰহৰ দ্বাৰা তথ্য আহৰণ আৰম্ভকৰাৰ পাছত প্ৰথমবাৰৰ বাবে এছিয়া অঞ্চলৰ সাগৰপৃষ্ঠৰ উচ্চতা আটাইতকৈ বৃদ্ধি পাইছে।
তথ্য অনুসৰি ভাৰত মহাসাগৰৰ এছীয় অংশত ১৯৯৯ চনৰ পৰা উষ্ণতা ক্রমাৎ বৃদ্ধি পাই আহিছে আৰু ২০২৫ চনত উষ্ণতা বৃদ্ধিয়ে নতুন অভিলেখ সৃষ্টি কৰে। এছিয়াৰ বিভিন্ন অংশত এই দ্রুত উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ আন অংশৰ উপকূলীয় অঞ্চলতকৈ ভাৰতৰ উপকূলীয় অঞ্চল বহু দ্রুতগতিত সাগৰত বুৰ গৈ থকা বুলি ডব্লিউ এম অ'ই সম্ভাৱনা ব্যক্ত কৰিছে।
সংস্থাটোৰ তথ্য অনুসৰি ভাৰত মহাসাগৰৰ উত্তৰ উপকূলীয় অংশত ১৯৯৯-২০২৫ চনৰ ভিতৰত সাগৰপৃষ্ঠৰ বৃদ্ধি গোলকীয় হাৰতকৈ বহু বেছি। সাগৰপৃষ্ঠ বৃদ্ধিৰ গোলকীয় হাৰ ৩.৬ মিলিমিটাৰ/বছৰ হোৱাৰ বিপৰীতে ভাৰতীয় উপকূল অঞ্চলত সাগৰপৃষ্ঠৰ বৃদ্ধিৰ হাৰ ৪.৯ মিলিমিটাৰ/বছৰ, যিয়েভাৰতৰ উপকূলীয় অঞ্চল, চহৰ/নগৰসমূহলৈ অশনি সংকেত কঢ়িয়াই আনিছে।