ডিজিটেল ডেস্ক: লখিমপুৰত এক ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হৈছে বিশিষ্ট উদ্ভাৱক তথা পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ধৱ ভড়ালী। নিজৰ ব্যক্তিগত বাহনেৰে লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয়। ধাৰাসাৰ বৰষুণৰ বাবে বাহনখনৰ নিয়ন্ত্ৰণ হেৰাই যায় আৰু পথৰ দাঁতিত ৰৈ থকা আন এখন বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
দুৰ্ঘটনাটোৰ পিছতেই তেওঁক ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ লৈ যোৱা হয়। কিন্তু উন্নত চিকিৎসাৰ প্ৰয়োজনীয়তাৰ বাবে চিকিৎসকে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ (AMCH) স্থানান্তৰ কৰে।
বৰ্তমান এ.এম.চি.এইচৰ অতি বিশেষ সেৱা বিভাগত (ICU) চিকিৎসাধীন হৈ থকা উদ্ধৱ ভড়ালীৰ স্বাস্থ্যৰ অৱস্থা কিছু পৰিমাণে সুস্থিৰ বুলি জানিব পৰা গৈছে। যদিও তেওঁ পিঠিত কিছু বিষ অনুভৱ কৰিছে, তথাপি বৰ্তমান তেওঁৰ স্বাস্থ্য শংকামুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল