ডিজিটেল ডেস্ক: ডিজিটেল প্রযুক্তিয়ে কঢ়িয়াই অনা শংকাৰ পৰা মুক্ত কৰি অসমৰ ছপা মাধ্যম তথা পুথি প্রকাশন উদ্যোগটোক গতিশীল কৰি ৰখাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গ্ৰহণ কৰা 'গ্ৰন্থ-বৰ্ষ'ৰ দৰে ফলপ্রসূ পদক্ষেপক নস্যাৎ কৰি বিপৰীত স্থিতি লৈছে শিক্ষা বিভাগৰ অধীনস্থ সমগ্র শিক্ষা, অসমে।
পি এম শ্রী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সমগ্র শিক্ষা অভিযানৰ অধীনত ইংৰাজী-অসমীয়া অভিধান যোগানৰ বাবে আহ্বান কৰা এক নিবিদাই সমগ্ৰ শিক্ষাৰ এই টোগলকী-কাণ্ড উদঙাই দিছে। সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষার্থীসকলক দিবলৈ অভিধান যোগানৰ প্রায় ৫.৫০ কোটি টকীয়া এই কামৰ বাবে আহ্বান জনোৱা নিবিদাত চৰ্ত ৰখা হৈছে যে এই অভিধানখন হ'ব লাগিব নতুন দিল্লীৰ অক্সফ'ৰ্ড ইউনিভাৰ্ছিটি প্রেছে উলিওৱা জ্যোতি প্রসাদ তামুলী আৰু মৌচুমী সন্দিকৈয়ে সম্পাদনা কৰা 'ইংৰাজী-অসমীয়া অভিধান'। ইংৰাজী-অসমীয়া অভিধান ছপা কৰাৰ শতিকা প্রাচীন গৌৰৱোজ্জ্বল ঐতিহ্য থকাৰ পাছতো অসমৰ প্ৰকাশন উদ্যোগটোক বঞ্চিত কৰাৰ অভিসন্ধিৰে সমগ্র শিক্ষাই প্ৰকাশ কৰা নিবিদাৰ এনে বিজ্ঞাপন দেখি অসমৰ অভিধান প্রকাশকসকল হতচকিত হৈ পৰিছে।
উল্লেখ্য যে পণ্ডিত বুধিন্দ্র নাথ ভট্টাচাৰ্যই ১৯৩২ চনতে ইংৰাজী-অসমীয়া অভিধান প্রণয়ন কৰিছিল। অসমত ইংৰাজী ভাষা শিক্ষাৰ বাট মুকলি কৰা 'দ্য প্ৰ'নাউন্সিং এংলো-আছামিজ ডিক্সনেৰী' শীর্ষক এই অভিধানখন প্রকাশ কৰি উলিয়াইছিল প্রসিদ্ধ প্রকাশক বিচিত্ৰ নাৰায়ণ দত্তবৰুৱাৰ প্ৰকাশন প্রতিষ্ঠান লয়াছ বুক স্টলে। তদুপৰি বনলতাই প্রকাশ কৰা ড° হীৰেন গোহাঁইৰ 'দ্য নিউ মিলেনিয়াম প্র'নাউন্সিং এংলো-আছামিজ ডিক্সনেৰী', জ্যোতি প্রকাশনে ছপা কৰা সুৰেশ শৰ্মাৰ 'এভান্সড কম্প্রিহেনছিভ এংলো-আছামিজ ডিক্সনেৰী', অসম বুক ডিপ'ই প্রকাশ কৰা ড° প্ৰণৱজ্যোতি ডেকাৰ 'এংলো-আছামিজ জ্যোতি দ্বিভাষিক অভিধান' আদি অভিধানসমূহ অসমীয়া মাধ্যমৰ ইংৰাজী শিকাৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জীৱনৰ সাৰথি সদৃশ। ড° প্ৰণৱজ্যোতি ডেকাৰ 'এংলো-আছামিজ জ্যোতি দ্বি-ভাষিক অভিধান' অসমৰ অফিচ-কাছাৰীত ব্যৱহাৰৰ বাবে উপযুক্ত বুলি গুৱাহাটী উচ্চ ন্যায়ালয়েও এক ৰায় প্ৰসংগত উল্লেখ কৰিছিল। সম্প্রতি সমগ্র শিক্ষাই এনে নিৰ্ভৰযোগ্য অভিধানসমূহক এলাগী কৰি আৰু অসমৰ পুথি প্রকাশন উদ্যোগটোক চূড়ান্তভাৱে বঞ্চিত কৰি কাৰ স্বাৰ্থ পূৰণ কৰিবলৈ কেৱল এখন নির্দিষ্ট অভিধানহে বাছনি কৰিলে সেয়া নুবুজা সাঁথৰ হৈ পৰিছে। কেৱল এখন অভিধানহে নির্দিষ্টকৈ বাছনি কৰি নিদিলে অক্সফ'র্ডে প্রকাশ কৰা 'ইংৰাজী-অসমীয়া অভিধান'ৰ লগতে অসমৰ প্ৰকাশনসমূহে ছপা কৰি থকা উল্লিখিত অভিধানসমূহো ছাত্র-ছাত্রীসকলে লাভ কৰি উপকৃত হোৱাৰ সুযোগ পালেহেঁতেন। কিন্তু তাকে নকৰি সমগ্র শিক্ষাই কৰা এনে আজব কর্মকাণ্ডই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ পুথি প্রকাশন উদ্যোগটোক জীয়াই ৰাখিবলৈ চৰকাৰী কৰ্মচাৰীসকলক এহেজাৰকৈ টকা দিয়া, গ্রন্থ-বর্ষ ঘোষণা কৰা আদি পদক্ষেপকো অর্থহীন কৰিহে তোলা বুলি চর্চিত হৈছে।
উল্লেখযোগ্য যে লয়াছ বুক ষ্টলে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি উলিয়াই থকা বুধিন্দ্ৰ নাথ ভট্টাচাৰ্যৰ 'দ্য প্ৰ'নাউন্সিং এংলো-আছামিজ ডিক্সনেৰী'ৰ শেহতীয়া সংস্কৰণৰ মূল্য হৈছে ৪৭৫ টকা। ড° হীৰেন গোহাঁইৰ 'দ্য নিউ মিলেনিয়াম প্র'নাউন্সিং এংলো-আছামিজ ডিক্সনেৰী' আৰু ড° প্ৰণৱজ্যোতি ডেকাৰ 'এংলো-আছামিজ জ্যোতি দ্বিভাষিক অভিধান'ৰ মূল্য হৈছে ৫০০ টকা। আনহাতে, সুৰেশ শৰ্মাৰ 'এডভান্সড কম্প্রিহেনছিভ এংলো-আছামিজ ডিক্সনেৰী 'খনৰ মূল্য হৈছে ৬০০ টকা। ইয়াৰ বিপৰীতে সমগ্র শিক্ষাই নির্দিষ্ট কৰি দিয়া 'ইংৰাজী-অসমীয়া অভিধান'ৰ মূল্য হৈছে ৭২৫ টকা। সেয়েহে বৃহৎ আর্থিক লেনদেনৰ অংকতে সমগ্ৰ শিক্ষাৰ এটা হাত দীঘল চক্ৰই অসমৰ প্ৰকাশন গোষ্ঠীক আঁতৰাই ৰাখি অধিক মূল্যত ৭৩৯১৩খন অভিধান ক্ৰয় কৰাৰ ফন্দি পতা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
তদুপৰি নিবিদাত উল্লেখ কৰা আন চৰ্ত অনুসৰি অভিধান যোগানৰ এই কামৰ বাবে ৬.৬৬ লাখ টকাৰ আগতীয়া ডিমাণ্ড ড্রাফ্ট জমা দিয়াৰ লগতে যোগানকাৰী প্রতিষ্ঠান অক্সফ'ৰ্ডৰ অনুমোদনপ্রাপ্ত হোৱাৰ উপৰি বছৰি ১ কোটি টকাকৈ ৩ বছৰৰ ব্যাৱসায়িক নথি-পত্ৰও দাখিল কৰিব লাগিব। বিগত ২০২৪ চনত অক্সফ'র্ড অভিধান যোগান ধৰা প্ৰতিষ্ঠানকহে এই কামত অগ্রাধিকাৰ দিয়া হ'ব বুলি উল্লেখ কৰা নিবিদাৰ বিজ্ঞাপনটোও অসমৰ কোনো সংবাদ-পত্রত নিদিয়াকৈ কেবল জি ই এম পর্টেলতহে দিয়া হৈছে। এই আজব চৰ্তবোৰেই প্ৰমাণ কৰিছে যে অসমৰ প্ৰকাশন গোষ্ঠী আৰু পুথি বিক্রেতাক বঞ্চিত কৰাৰ অভিসন্ধিৰে কোনো চক্ৰৰ সৈতে গোপন বুজাবুজিবে সমগ্ৰ শিক্ষাৰ বিষয়া-কৰ্মচাৰীৰ এটা বিশেষ লবীয়ে এই নিবিদা প্রস্তুত কৰিছে।